বুধবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত শিক্ষা বিভাগৰ বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।
কি ক'লে ৰণোজ পেগুৱেঃ
অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু শংকৰদেৱ ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ উদ্যোগত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আধাৰত উত্তৰ পূৱ শৈক্ষিক সন্মিলন অনুষ্ঠিত হ'ব।এই অনুষ্ঠান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। ২০ আৰু ২১ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধমেন্দ্ৰ প্ৰধান উপস্থিত থাকিব।