• Home
  • »
  • News
  • »
  • assam
  • »
  • অক্টোবৰত অনুষ্ঠিত হ’ব TET, ২৫% আসন বৃদ্ধি হ’ব উচ্চ শিক্ষাৰ বাবে, জনালে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে

অক্টোবৰত অনুষ্ঠিত হ’ব TET, ২৫% আসন বৃদ্ধি হ’ব উচ্চ শিক্ষাৰ বাবে, জনালে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে

স্কুল খোলাকলৈ চিন্তা চৰ্চা চলি আছে। ছেপ্টেম্বৰৰ পৰা শ্ৰেণী আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। প্ৰথমে দশম শ্ৰেণী, দ্বাদশ, স্নাতক চূড়ান্ত বৰ্ষৰ শ্ৰেণী আৰম্ভ হ’ব।

  • Share this:
২০২১ চনত টেট পৰীক্ষা অনুষ্ঠিত হ’ব। অক্টোবৰত অনুষ্ঠিত হব পৰীক্ষা। নিযুক্তি প্ৰক্ৰিয়াৰ সমানে এই পৰীক্ষা অনুষ্ঠিত হ’ব। অচিৰেই প্ৰকাশ পাব বিজ্ঞাপন। আজি এক সংবাদমেলত এই মন্তব্য কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।

B.Ed অথবা D. El. Ed.ৰ চূড়ান্ত পৰীক্ষাৰ এডমিট লাভ কৰাসকলে পৰীক্ষাত বহাৰ সুযোগ লাভ কৰিব। প্ৰাথমিক আৰু হাইস্কুল দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব TET।

আনহাতে, ২৫% আসন বৃদ্ধি হ’ব উচ্চ শিক্ষাৰ বাবে। মুক্ত প্ৰতিযোগিতাৰ জৰিয়তে হ’ব নামভৰ্তি। আসনৰ নাটনি নোহোৱাৰ বাবে অপ্ৰাদেশীকৃত বিদ্যালয়, ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে যদি একাদশ শ্ৰেণী আৰম্ভ কৰিব বিচাৰে তেন্তে ৰাজ্য চৰকাৰে অনুমতি প্ৰদান কৰিব৷

স্কুল খোলাকলৈ চিন্তা চৰ্চা চলি আছে। ছেপ্টেম্বৰৰ পৰা শ্ৰেণী আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। প্ৰথমে দশম শ্ৰেণী, দ্বাদশ, স্নাতক চূড়ান্ত বৰ্ষৰ শ্ৰেণী আৰম্ভ হ’ব।

২০ তাৰিখে চৰকাৰৰ এশদিন সম্পূৰ্ণ হ’ব। উক্ত দিনা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উচ্চ শিক্ষাৰ ১১৩ গৰাকী শিক্ষক আৰু ৪২৭ গৰাকী শিক্ষক–কৰ্মচাৰীক অনুকম্পামূলক নিযুক্তি দিয়া হ’ব।

HS আৰু HSLCৰ ফলাফলৰ পিছত ছিটৰ সমস্যা হৈছিল। গ্ৰামাঞ্চলত ছেবা আৰু শিক্ষা সংসদৰ ছাত্ৰ–ছাত্ৰীৰ বাবে ৭৫ শতাংশ আসন সংৰক্ষিত হ’ব। চহৰৰ শিক্ষানুষ্ঠানত প্ৰতিযোগিতামূলকভাৱেই নামভৰ্তি হ’ব। ইয়াত চিবিএছই অথবা ছেবা, শিক্ষা সংসদৰ ছাত্ৰ ছাত্ৰী বুলি কথা নাথাকিব।
Published by:Sanjay Kumar Das
First published: