বৰাকৰ বিখ্যাত শনবিল পৰিদৰ্শন কৰিলে মন্ত্ৰী ৰণোজ পেগুৱে। কোৰোণাৰ সংক্ৰমণ কমিলে পৰীক্ষা হ'ব বুলি মন্তব্য।

News18 Assam | News18-Assam
Updated:June 10, 2021, 8:12 PM IST
বৰাকৰ বিখ্যাত শনবিল পৰিদৰ্শন কৰিলে মন্ত্ৰী ৰণোজ পেগুৱে।  কোৰোণাৰ সংক্ৰমণ কমিলে পৰীক্ষা হ'ব বুলি মন্তব্য।
শনবিলত পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে, মই এই সন্দৰ্ভত পৰ্যটন মন্ত্ৰী বিমল বৰাৰ সৈতে আলোচনা কৰিম : ৰণোজ পেগু

শনবিলত পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে, মই এই সন্দৰ্ভত পৰ্যটন মন্ত্ৰী বিমল বৰাৰ সৈতে আলোচনা কৰিম : ৰণোজ পেগু

  • Share this:
অহা ১ জুল‍াইৰ ভিতৰত ৰাজ্যত হ্ৰাস পাব কোৰোণা ভাইৰাছৰ সংক্ৰমণ । ইয়াৰ পিছতে সম্ভৱপৰ হ'ব মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। এই মন্তব্য শিক্ষ‍া মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দৰ্ভত দিয়া ঘোষণাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই মন্তব্য আগবঢ়ায় শিক্ষ‍া মন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য আজি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ১ জুলাইলৈ সংক্ৰমণৰ হাৰ ২%ৰ তললৈ নামিলে অহা ১৫-২০ জুলাইৰ ভিতৰত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা পতা হ’ব বুলি মন্তব্য কৰিছিল।

দুদিনীয়া বৰাক উপত্যকা ভ্ৰমণৰ প্ৰথম দিনা প্ৰথমে কাছৰত জিলা প্ৰশাসন আৰু বিজেপি কৰ্মী সকলৰ সৈতে পৃথককৈ সভাত মিলিত হোৱাৰ পাছতে বিয়লি হাইলাকান্দিত উপস্থিত হয় শিক্ষ‍া মন্ত্ৰী পেগু । হাইলাকান্দিত উপস্থিত হৈ প্ৰথমতে জিলাখনৰ বিজেপি কৰ্মীসকলৰ সৈতে স্থানীয় আৱৰ্ত ভৱনত এক সভাত মিলিত হয়।

পাছত নিজৰ ভ্ৰমণ সূচীৰ বাহিৰত কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ী সমষ্টিত থকা এছিয়া মহাদেশৰ দ্বিতীয় বৃহৎ জলাশয় (wetland) শনবিল পৰিদৰ্শন কৰে। কৰিমগঞ্জ লোকসভা সমষ্টিৰ সাংসদ কৃপানাথ মল্লাহ আৰু হাইলাকান্দি জিলা বিজেপিৰ নেতাসকলক লগত লৈ নাৱেৰে শনবিল পৰিদৰ্শন কৰে ৰণোজ পেগুৱে। শনবিলত পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে বুলি মন্তব্য কৰি তেওঁ এই সন্দৰ্ভত পৰ্যটন মন্ত্ৰী বিমল বৰাৰ সৈতে আলোচনা কৰিব বুলি কয়।
Published by: Manjumoni Borah
First published: June 10, 2021, 8:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি