বৰপেটাত বান সাহায্য বিতৰণৰ নামত এখন বজাৰ চলি অহাৰ ধাৰণা আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উদঙাই দিয়াক লৈ বৰপেটাত ব্যাপক চৰ্চা অব্যাহত আছে ৷ বান সাহায্য প্ৰদানৰ নামত বজাৰ বহুৱাই লোৱা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনে অভিযোগ।আজি বৰপেটাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্ৰীৰে ভিডিঅ' কনফাৰেঞ্চত অংশ লোৱাৰ পিছত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বৰপেটাৰ হাৰিজানৰ চিঙা অংশ আৰু চাউলখোৱা মথাউৰিৰ ভগ্ন অংশ পৰিদৰ্শন কৰে (Minister Ranoj Pegu visit Barpeta) ৷
মন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি (Flood Situation in Barpeta) পৰ্যবেক্ষণ কৰাৰ মাজতে একাংশ ঠিকাদাৰে সময়মতে সামগ্ৰী যোগান নিদিয়া কথাটোক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই সম্পৰ্কে তদন্ত কৰা হ'ব বুলি প্ৰকাশ কৰে ৷
বিশেষকৈ বানৰ দৰে এনে এক দুৰ্যোগৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে এগ্ৰিমেন্ট কৰি সময়মতে তাক কাৰ্যকৰী নকৰিলে তাৰ বিৰুদ্ধে ব্যৱস্থা ল'বই লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷
ইপিনে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সহায়ক এগৰাকীৰ কথামতে জিলা উপায়ুক্তই কাম-কাজ কৰা বুলি খোদ মুখ্যমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চযোগে সদৰী কৰাৰ বিষয়টোক লৈ বৰপেটাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
ইপিনে বৰপেটাৰ বানত ক্ষতিগ্ৰস্ত লোকৰ তালিকা অহা ১৫ জুলাইৰ ভিতৰত দাখিল কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ কথাও সদৰী কৰে মন্ত্ৰী পেগুৱে ৷ পূৰ্বৰ দৰে এইবেলি বান ক্ষতিগ্ৰস্তই এবছৰলৈ সাহায্যৰ ধনৰ বাবে তাঁতবাতি কাঢ়িব নালাগে বুলিও মন্তব্য কৰে ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|