• Home
  • »
  • News
  • »
  • assam
  • »
  • Education Minister Ranoj Pegu : শিক্ষকক স্ব-ইচ্ছাই আন বৃত্তি ত্যাগ কৰাৰ আহ্বান শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ, বঙাইগাঁৱত মাণ্ডলিক সন্মিলনত লৈছিল অংশ

Education Minister Ranoj Pegu : শিক্ষকক স্ব-ইচ্ছাই আন বৃত্তি ত্যাগ কৰাৰ আহ্বান শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ, বঙাইগাঁৱত মাণ্ডলিক সন্মিলনত লৈছিল অংশ

নিলম্বন নহয় স্ব ইচ্ছাই সাংবাদিকতা ত্যাগ কৰাৰ আহ্বান শিক্ষকক শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগুৰ। 

নিলম্বন নহয় স্ব ইচ্ছাই সাংবাদিকতা ত্যাগ কৰাৰ আহ্বান শিক্ষকক শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগুৰ। 

নিলম্বন নহয় স্ব ইচ্ছাই সাংবাদিকতা ত্যাগ কৰাৰ আহ্বান শিক্ষকক শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগুৰ। 

  • Share this:
চৰকাৰী শিক্ষকতাৰ লগত জড়িত ব্যক্তিক স্ব-ইচ্ছাই সাংবাদিকতা নতুবা আন বৃত্তি ত্যাগ কৰাৰ আহ্বান শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। আজি বঙাইগাঁৱত শিক্ষা বিভাগৰ মাণ্ডলিক সন্মিলনত অংশ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷

তেওঁ কয় যে শিক্ষক-শিক্ষয়িত্ৰীসকলে সাংবাদিকতা নতুবা আন বৃত্তিত জড়িত থকাৰ বাবে নিলম্বনেই ইয়াৰ বাবে সমাধান নহয় ৷ স্ব-ইচ্ছাই আন বৃত্তি ত্যাগ কৰি সকলোৱে শিক্ষকতাত মনোনিৱেশ কৰা উচিত (Education Minister Ranoj Pegu at Bongaigaon) ৷

আনহাতে পৰিয়ালৰ সদস্যৰ নামতো যদি একাংশই সাংবাদিকতা কৰি থকাৰ অভিযোগ পালেও চৰকাৰে  ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে , ছাত্ৰ-ছাত্ৰী অনুপাতে বেছি শিক্ষক থকা বিদ্যালয়সমূহৰ পৰা কম শিক্ষক থকা বিদ্যালয়লৈ শীঘ্ৰে জিলাৰ ভিতৰতে বদলিকৰণ আৰম্ভ কৰিব বুলি মন্ত্ৰী ডাঃ পেগুৱে জানিবলৈ দিয়ে ৷

বিদ্যালয়সমূহত স্থায়ী শিক্ষক -শিক্ষয়িত্ৰীৰ পদ সৃষ্টিৰ বাবেও চিন্ত চৰ্চা কৰি থকা বুলি মন্ত্ৰীজনে জনাইছে ৷ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত নামনি অসমৰ পাঁচ জিলাৰ শিক্ষা বিভাগক সামৰি আজি মাণ্ডলিক সন্মিলনত অংশ লয় শিক্ষামন্ত্ৰীগৰাকীয়ে। বঙাইগাঁৱৰ লগতে ধুবুৰী , বৰপেটা , বজালী আৰু মানকাচাৰ জিলাৰ শিক্ষা বিষয়াবৰ্গই অংশগ্ৰহণ কৰে এই সন্মিলনত। মন্ত্ৰী ডাঃ পেগুৰ লগতে শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত শিক্ষাৰ মানৰ ওপৰত বিশদ আলোচনা হয় ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি