১২৯৮গৰাকী টেট উত্তীৰ্ণ শিক্ষকক দিয়া হ'ব নিযুক্তি। গ্ৰেছ মাৰ্ক প্ৰাপ্ত এই ১২৯৮গৰাকী শিক্ষকক নিযুক্তি দিয়া হ'ব বুলি আজি সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ৰ পৰা সংবাদমেলযোগে জনায় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। পেগুৱে কয় যে এই বিষয়টো সন্দৰ্ভত গোচৰ আছে যদিও উচ্চ ন্যায়ালয়ে দিয়া বাধা আঁতৰ হৈছে।
শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ২৩ তাৰিখে ১,২৫৮ গৰাকী গ্ৰেছমাৰ্ক প্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। পাঠদানৰ ক্ষেত্ৰত শিক্ষকৰ অভাৱৰ বাবে এই নিযুক্তি সোনকালে লোৱা হ'ব। এই নিযুক্তি চৰ্তসাপেক্ষ হ'ব।
ন্যায়ালয়ৰ চূড়ান্ত সিদ্ধান্তও চৰকাৰে পালন কৰিব। ''২০১১ৰ পৰা বৰ্তমানলৈ ২ লাখতকৈ অধিক শিক্ষকৰ নিযুক্তি হৈছে। পূৰ্বে ইমান কম সময়ৰ ভিতৰত ইমান নিযুক্তি হোৱা নাছিল। এই সন্দৰ্ভত শিক্ষা বিভাগৰ এখন শ্বেতপত্ৰ দুমাহৰ ভিতৰত মুকলি কৰা হ'ব।" বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীয়ে ৭২২গৰাকী কলেজ শিক্ষককো নিযুক্তি দিয়া হ'ব বুলি প্ৰকাশ কৰে।
তেওঁ কয়– ''নিযুক্তিৰ কাম খৰতকীয়াকৈ কৰাৰ বাবে অহৰ্নিশে চৰকাৰে কাম কৰিছে। পুনৰ ১০ হাজাৰ নিযুক্তি বিভিন্ন বিভাগত প্ৰদান কৰা হ'ব। শিক্ষাবিভাগত নিযুক্তি লাভ কৰিব ৪৮১৭গৰাকীয়ে।''
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|