পেগুৱে কয়, মৰগীয়া বানচৰ সমস্যাটো সমাধানৰ বাবেও কথা পতা হৈছে। কালিৰ দিনটোত মই নিজে আলোচনাত বহিছো, তাৰ পিছত এই প্ৰতিবাদ কিয় নাজানো।
পেগুৱে কয়, মৰগীয়া বানচৰ সমস্যাটো সমাধানৰ বাবেও কথা পতা হৈছে। কালিৰ দিনটোত মই নিজে আলোচনাত বহিছো, তাৰ পিছত এই প্ৰতিবাদ কিয় নাজানো।
টেট শিক্ষক সকলৰ প্ৰতিবাদ অনাকাংক্ষিত, অনাহুত আৰু অপ্ৰয়োজনীয় – এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ঠিকাভিত্তিক টেট শিক্ষকৰ ৬০ বছৰলৈ চাকৰিৰ নিশ্চিত প্ৰদান কৰা হৈছে। লগতে নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিলে চৰকাৰে। এতিয়া তেওঁলোকে যি দাবী কৰিছে যে নিয়মীয়াকৰণ কৰিব লাগে। তেওঁলোকে নিজেই এখন চুক্তিত চহী কৰি এতিয়া সম্পূৰ্ণ নিয়মীয়াকৰণ কৰিব লাগে, এয়া কেনেধৰণৰ দাবী।
পেগুৱে কয়, মৰগীয়া বানচৰ সমস্যাটো সমাধানৰ বাবেও কথা পতা হৈছে। কালিৰ দিনটোত মই নিজে আলোচনাত বহিছো, তাৰ পিছত এই প্ৰতিবাদ কিয় নাজানো। তেওঁলোকৰ এই প্ৰতিবাদ অনাকাংক্ষিত, অনাহুত, অপ্ৰয়োজনীয়।
শিক্ষা মন্ত্ৰীয়ে কয়, ‘‘আপোনালোকে এটকাও নিদিয়াকৈ, কাকো এখন তামোল নুখুওৱাকৈ চাকৰি পাইছিল, এতিয়া আপোনালোকৰ সমহাৰৰ বেতন, ডিএ যি পাবলগা আছে এইখিনিও এটকাও নিদিয়াকৈ, আন্দোলনৰ নামত এহেজাৰ টকা নিদিয়াকৈ পাব। কেইটামান দিন ধৈৰ্য ধৰিব লাগিব।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|