১০ মে'ৰ পূৰ্বে এক লাখ নিবনুৱাক নিযুক্তি দিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। তাৰ অংশ হিচাপে চৰকাৰে বুধবাৰে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত নতুনকৈ নিযুক্তি দিলে ১২ গৰাকী সহকাৰী অধ্যাপকক।
কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকাৰ চাকৰি লাভ কৰা সকল হ'ল ক্ৰমে পালকি হাজৰিকা, মৰমিতা ৰয়, নিজিৰা ব্ৰহ্ম, গোপা দাস তালুকদাৰ, ইলিয়া ইংতিহিপি, দ্বীপেন নাথ, লনি বসুমতাৰী, জয়শ্ৰী শৰ্মা, অলকা বসুমতাৰী, সুনিতা শৰ্মা, নুৰজামাল হক আৰু সৌৰভ ভট্টাচাৰ্য।
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীণ হৈ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ সহকাৰী পদত নিযুক্তি লাভ কৰে ১২ গৰাকী সহকাৰী অধ্যাপকে। দিছপুৰৰ জনতা ভৱনত ১২ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ প্ৰদান কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী মন্ত্ৰী ইউজি ব্ৰহ্মই।
নিযুক্তি পত্ৰ প্ৰদানৰ পিছতেই সংবাদ মাধ্যমক সম্বোধন কৰে শিক্ষা মন্ত্ৰী গৰাকীয়ে। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জনাই যে, পৰ্যায়ক্ৰমে শিক্ষা বিভাগত খালী হৈ থকা পদ পূৰণ কৰা হ'ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|