বান পৰিস্থিতিৰ বাবে কাছাৰ, ডিমা হাছাওকে ধৰি ৯খন জিলাত ২৭ তাৰিখে হ'বলগীয়া গুণোৎসৱ স্থগিত ৰখা হৈছে বুলিও মন্তব্য কৰে পেগুৱে।
বান পৰিস্থিতিৰ বাবে কাছাৰ, ডিমা হাছাওকে ধৰি ৯খন জিলাত ২৭ তাৰিখে হ'বলগীয়া গুণোৎসৱ স্থগিত ৰখা হৈছে বুলিও মন্তব্য কৰে পেগুৱে।
‘‘অহা বছৰৰ পৰা কমিব পাৰে গৰমৰ বন্ধৰ দিন। গ্ৰীষ্ম বন্ধৰ দিন কমোৱাৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰা হৈছে। ২৫ দিন হ’ব পাৰে গৰমৰ।’’ – এই মন্তব্য কৰিছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। CEE পৰীক্ষা ৩ জুলাইৰ পৰিৱৰ্তে ৩১ জুলাইত অনুষ্ঠিত হ’ব বুলিও মন্তব্য কৰে শিক্ষা মন্ত্ৰীয়ে।
বান পৰিস্থিতিৰ বাবে কাছাৰ, ডিমা হাছাওকে ধৰি ৯খন জিলাত ২৭ তাৰিখে হ'বলগীয়া গুণোৎসৱ স্থগিত ৰখা হৈছে বুলিও মন্তব্য কৰে পেগুৱে।
আনহাতে, গোলাঘাট, চিৰাং, তিনিচুকীয়া, বঙাইগাঁও জিলাৰ মেট্ৰিকৰ ফলাফল বেয়া হোৱা বিদ্যালয়সমূহত গ্ৰীষ্ম বন্ধ সময়তো চলিব পাঠদান। জিলা কেইখনৰ বিদ্যালয় পৰিদৰ্শকসকলে ল'লে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বিশেষ ৰুটিন প্ৰস্তুত কৰি গৰম বন্ধৰ সময়ছোৱাতো নৱমৰ পৰা দ্বাদশ লৈ পাঠদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জিলাকেইখনৰ শিক্ষক সমাজৰ মাজত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|