বদলিকৰণৰ বাবে শিক্ষকসকলে প'ৰ্টেলত কৰিব লাগিব নিজৰ পঞ্জীয়ন। শিক্ষক বদলি (Teacher transfer)ৰ বাবে আজি শিক্ষা বিভাগে মুকলি কৰে এটা প'ৰ্টেল। এই পৰ্টেলত ১০ ডিচেম্বৰৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। শিক্ষা বিভাগৰ কামৰ বাবে এতিয়াৰে পৰা কাহিলিপাৰালৈ আহিব নালাগে। সকলো কাম প'ৰ্টেল (portal)ৰ জৰিয়তে হ’ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে ইয়াকো জানিবলৈ দিয়ে যে ৭০গৰাকী শিক্ষকে দুটা দৰমহা লৈ থকা বুলি ট্ৰেজাৰী অফিচত ধৰা পৰিছে। সেই হেতু আজি তেওঁলোকক মাধ্যমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়লৈ তলব কৰা হয়। মাধ্যমিক শিক্ষা সঞ্চালকে জাৰি কৰা নিৰ্দেশনা মৰ্মে বৰপেটাৰ ৭ ঠিকাভিত্তিক শিক্ষক, বঙাইগাঁওৰ ৩, কাছাৰৰ ৬ , দৰঙৰ ২, ধেমাজিৰ এজন শিক্ষক, ডিব্ৰুগড়ৰ ৪ শিক্ষক, ডিমা হাছাওৰ ৩ শিক্ষক, গোৱালপাৰা ৯ শিক্ষক, গোলাঘাটৰ এজন শিক্ষক, যোৰহাটৰ ৮ শিক্ষক, কামৰূপ মহানগৰ জিলাৰ এগৰাকী শিক্ষয়িত্ৰী, কাৰ্বি আংলঙৰ ৪ শিক্ষক, কৰিমগঞ্জৰ এজন শিক্ষকক, লখিমপুৰ জিলাৰ ২ শিক্ষক , নগাঁওৰ ৫ শিক্ষক, নলবাৰীৰ এগৰাকী শিক্ষয়িত্ৰী, শিৱসাগৰৰ ৪ শিক্ষক, শোণিতপুৰৰ ৫ শিক্ষক, তিনিচুকীয়াৰ এজন আৰু কামৰূপৰ ২ শিক্ষকক জাননী দিয়া হয়।
সংশ্লিষ্ট জিলাৰ স্কুলসমূহৰ পৰিদৰ্শকৰ জৰিয়তে জাননী জাৰি কৰাৰ পিছত এতিয়া ৭০ শিক্ষকে প্ৰদৰ্শন কৰিব লাগিব সকলো নথি । খেলি-মেলি ধৰা পৰিলে ওভোতাই দিব লাগিব নীতিবহিৰ্ভূতভাৱে সংগ্ৰহ কৰা ধন। বিভাগীয় বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে তদন্ত কৰি অনিয়ম ধৰা পৰিলে গ্ৰহণ কৰিব বিহিত ব্যৱস্থা।
উল্লেখ্য, সোমবাৰে উচ্চ শিক্ষা সঞ্চালকালয় (Directorate of Higher Education)ত উপস্থিত হৈ শিক্ষামন্ত্ৰী ৰণোজ পেগু (Education Minister Ranoj Pegu)ৱে ঘোষণা কৰে কেইবাটাও গুৰুত্বপূৰ্ণ কথা। সেইমতে সকলো টেট শিক্ষকৰ প্ৰমাণ পত্ৰ পুনৰীক্ষণ কৰা হ’ব। ইতিমধ্যে টেট জালিয়াতিৰ গোচৰ চিআইডিক দিয়া হৈছে। চিআইডিয়ে SITগঠন কৰি তদন্ত অব্যাহত ৰাখিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|