உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • শ্বহীদ জোৱান নামমূল হুছেইনৰ বাসগৃহত ৰণোজ পেগু আৰু জয়ন্তমল্ল বৰুৱা, পৰিয়ালক ৫০ লাখ টকাৰ চেক

    শ্বহীদ জোৱান নামমূল হুছেইনৰ বাসগৃহত ৰণোজ পেগু আৰু জয়ন্তমল্ল বৰুৱা, পৰিয়ালক ৫০ লাখ টকাৰ চেক

    জয়ন্তমল্ল বৰুৱাই চৰকাৰৰ স্থিতিৰ কথা প্ৰকাশ কৰি কয়– অসমে জ্যেষ্ঠ ভাতৃৰ সংযম আৰু দায়িত্ব পালন কৰিব।

    জয়ন্তমল্ল বৰুৱাই চৰকাৰৰ স্থিতিৰ কথা প্ৰকাশ কৰি কয়– অসমে জ্যেষ্ঠ ভাতৃৰ সংযম আৰু দায়িত্ব পালন কৰিব।

    জয়ন্তমল্ল বৰুৱাই চৰকাৰৰ স্থিতিৰ কথা প্ৰকাশ কৰি কয়– অসমে জ্যেষ্ঠ ভাতৃৰ সংযম আৰু দায়িত্ব পালন কৰিব।

    • Share this:

    অসম-মিজোৰাম সীমা সংঘাতক লৈ মিজো আৰক্ষীৰ গুলীত নিহত শ্বহীদ জোৱান নামমূল হুছেইনৰ বৰপেটাৰ কদমগুৰি গাঁৱৰ ঘৰত উপস্থিত হয় শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা ৷ শ্বহীদ জোৱানগৰাকীৰ গৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জনোৱাৰ লগতে জোৱানজনৰ পত্নীৰ হাতত ৰাজ্য চৰকাৰে ঘোষণা কৰা ৫০ লাখ টকাৰ সাহায্য চেক এখন প্ৰদান কৰে ৷ পৰিয়ালটোৰ সমস্যাৰ ক্ষেত্ৰত জিলা উপায়ুক্তই খবৰ ৰাখিব বুলিও মন্তব্য কৰে পেগুৱে ৷


    ইপিনে মিজোৰামৰে হোৱা সীমা সংঘাতক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপৰ বিৰুদ্ধে হোৱা সমালোচনাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীৰ পদক্ষেপক প্ৰশংসা কৰে জয়ন্ত মল্ল বৰুৱাই ৷ অসমৰ ভূমি ৰক্ষাৰ ক্ষেত্ৰত স্বাধীনতাৰ পিছত ড০ হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ মুখ্যমন্ত্ৰী, যিজনে সীমাত থিয় হৈ এক ইঞ্চিও মাটি এৰি নিদিয়াকৈ জোৱানসকলক সাহস দি ৰাখিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই ৷


    জয়ন্ত মল্ল বৰুৱাই  মাতৃভূমিৰ ৰক্ষাৰ বাবে জীৱন দিবলৈ জোৱান প্ৰস্তুত আছে আৰু তাৰ বাবে কাম কৰিবলৈ চৰকাৰো প্ৰস্তুত বুলি উল্লেখ কৰে। এনে সংকটৰ সময়ত সকলো অসমীয়া একলগ হ'ব লাগে বুলি তেওঁ উল্লেখ কৰি এতিয়া ৰাজনীতি কৰাৰ সময় নহয় বুলি মন্তব্য কৰে।


    ইপিনে মিজোসকলৰ স্থিতি আৰু মিজো সাংসদ এগৰাকীৰ মন্তব্য সম্পৰ্কত জয়ন্তমল্ল বৰুৱাই চৰকাৰৰ স্থিতিৰ কথা প্ৰকাশ কৰি কয়– অসমে জ্যেষ্ঠ ভাতৃৰ সংযম আৰু দায়িত্ব পালন কৰিব।

    Published by:Gautam Barman
    First published: