অসমখন আন্দোলনৰ দেশ৷ কেঁচুৱাই কান্দিলেহে মাকে গাখীৰ দিয়ে৷ আমি নিজৰ সমস্যসমূহ উত্থাপন কৰিব লাগিব৷ কেৱল ভাবি বহি থাকিলে নহ’ব। আমি টিভিত অহা সকলো নিউজ চাও। সমস্যসমূহ সমাধান কৰো৷ আনকি ফেচবুকৰ জৰিয়তে উত্থাপন কৰা সমস্যাৰো সমাধান কৰো। বিদ্যালয় কৰ্তৃপক্ষৰ মত বিনিময় অনুষ্ঠানত এই মন্তব্য কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।
শিক্ষা মন্ত্ৰীগৰাকীয়ে শিক্ষকসকলক কয়, কঠোৰ নোহোৱাকৈ আপোনালোকে ভাল কাম কৰিব নোৱাৰিব। যিসকল শিক্ষক নিয়মীয়া নহয়, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগিব।
‘‘শিক্ষকসকল যদি বিদ্যালয় পৰিচালনা সমিতিৰে মিলি যায়, তেতিয়া চোৰ–পুলিচৰ লগত মিলি যোৱাৰ দৰে হ’ব। বিদ্যালয়ত অভিভাৱক সভা অনুষ্ঠিত কৰিব লাগিব। শিক্ষাৰ্থীক হোমৱৰ্ক দিব লাগিব। অভিভাৱকক হেঁচা দিব লাগিব শিক্ষকে। সৰু সৰু কথাত স্কুল চুটি দিয়াতো অনুচিত।’’, ক’লে শিক্ষা মন্ত্ৰীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|