• Home
  • »
  • News
  • »
  • assam
  • »
  • Minister Ranoj Pegu : অসমৰ শিক্ষক সমাজৰ বাবে ভাল খবৰ দিলে শিক্ষামন্ত্ৰীয়ে, পাঠশালাত কৰিলে এই ঘোষণা

Minister Ranoj Pegu : অসমৰ শিক্ষক সমাজৰ বাবে ভাল খবৰ দিলে শিক্ষামন্ত্ৰীয়ে, পাঠশালাত কৰিলে এই ঘোষণা

file photo

file photo

 বিদ্যালয়সমূহত ন্যায়সংগত প্ৰক্ৰিয়াৰেও শিক্ষক বদলিকৰণ কৰিব বুলি ঘোষণ ৰণোজ পেগুৰ।

  • Share this:
শিক্ষকৰ বদলিকৰণক লৈ পাঠশালাত শিক্ষামন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা।  শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ১০ বছৰ দূৰণিত থকা শিক্ষকসকলে শীঘ্ৰেই আহিব পাৰিব বদলি হৈ ঘৰৰ ওচৰলৈ।

ইতিমধ্যে শিক্ষা বিভাগত এনে বদলিকৰণৰ প্ৰক্ৰিয়া  আৰম্ভ হৈছে। অতি শীঘ্ৰেই যিসকল শিক্ষকে বহিঃজিলাত ১০ বছৰ কাম কৰিছে, তেওঁলোকে নিৰ্দিষ্ট প'ৰ্টেলযোগে বদলিৰ বাবে আবেদন কৰিব পাৰিব।

কোনো দিব্যাংগ শিক্ষকে যদি দুবছৰৰো অধিক সময় বহিঃজিলাত কাম কৰিছে, তেন্তে তেনে শিক্ষকেও আবেদন কৰিব পাৰিব।

জটিল ৰোগত আক্ৰান্ত হ'লেও আবেদন কৰিব পাৰিব বদলিৰ বাবে। মহিলা শিক্ষকসকলে বিশেষ অসুবিধা পালে তেওঁলোকেও আবেদন কৰিব পাৰিব।

আনহাতে, যিসকলৰ পিতৃ–মাতৃক শুশ্ৰূষাৰ প্ৰয়োজন, তেওঁলোকেও আবেদন কৰিব পাৰে।লগতে যিসকল স্বামী–স্ত্ৰী দূৰে দূৰে আছে, তেওঁলোকেও আবেদন কৰিব পাৰে।

আনহাতে একে পৰ্যায়ৰ শিক্ষকৰ মাজতহে হ'ব mutual transfer। এতিয়া শিক্ষক–শিক্ষয়িত্ৰীসকলক যিমান পাৰি সিমান তেওঁলোকৰ সুবিধাজনক স্থানলৈ আৰু ঘৰৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰিব শিক্ষা বিভাগে। বিদ্যালয়সমূহত ন্যায়সংগত প্ৰক্ৰিয়াৰেও শিক্ষক বদলিকৰণ কৰিব বুলি ঘোষণ ৰণোজ পেগুৰ।

ইফালে শিক্ষামন্ত্ৰীগৰাকীয়ে (Education Minister Ranoj Pegu) বহু শিক্ষকে নতুনকৈ চাকৰি পায়ো চাকৰিত যোগদান কৰা নাই বুলি জানিবলৈ দি বিধিসন্মতভাৱে আগন্তুক দিনত শিক্ষা বিভাগত সংশোধন কৰাৰ ব্যৱস্থা কৰা হ'ব বুলিও প্ৰকাশ কৰে শিক্ষামন্ত্ৰীয়ে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি