• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰপেটাত শিক্ষামন্ত্ৰী ৰণোজ পেগু ! প্ৰতিখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয় স্থাপনৰ বাবে পদক্ষেপ ল'ব বুলি মন্তব্য...

বৰপেটাত শিক্ষামন্ত্ৰী ৰণোজ পেগু ! প্ৰতিখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয় স্থাপনৰ বাবে পদক্ষেপ ল'ব বুলি মন্তব্য...

বৰপেটাত শিক্ষামন্ত্ৰী ৰণোজ পেগুঃ বৰপেটা আৰু সৰভোগৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, হাস্পতাল পৰিদৰ্শন ৷

বৰপেটাত শিক্ষামন্ত্ৰী ৰণোজ পেগুঃ বৰপেটা আৰু সৰভোগৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, হাস্পতাল পৰিদৰ্শন ৷

বৰপেটাত শিক্ষামন্ত্ৰী ৰণোজ পেগুঃ বৰপেটা আৰু সৰভোগৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, হাস্পতাল পৰিদৰ্শন ৷

  • Share this:
বঙাইগাৱত কেবিনেট বৈঠকৰ পিচত আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু বৰপেটাত উপস্থিত হয় ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰথমতে সৰভোগত উপস্থিত হৈ সৰভোগৰ চকাবাউসী প্ৰাথমিক বিদ্যালয়, সৰভোগ সামূহিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শনৰ পিচতে মন্ত্ৰীগৰাকী সত্ৰনগৰী বৰপেটাত উপস্থিত হৈ কৈশোৰ অৱস্থাত বৰপেটাত কটোৱা দিনৰ কথা ৰোমন্থন কৰে ৷

Assam News Today

মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ভিতৰতে অতি প্ৰাচীন মহাবিদ্যালয় হিচাপে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ে এদিন বিশ্ববিদ্যালয়লৈ উন্নীত হব বুলি আশা প্ৰকাশ কৰে ৷ ইয়াৰ বাবে মহাবিদ্যালয়খনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে কলেজ কৰ্তৃপক্ষক আহ্বান জনায় ৷ ইপিনে শিক্ষা বিভাগটোক নতুন শিক্ষানীতিৰ আধাৰত গাঠনিগত পৰিবৰ্তনৰ বাবে পদক্ষেপ লোৱা বুলি জানিবলৈ দিয়াৰ লগতে প্ৰতিখন জিলাতে একোখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে পদক্ষেপ ল'ব বুলি প্ৰকাশ কৰে ৷ ৰাজ্য চৰকাৰে বিজ্ঞান আৰু গণিত শিক্ষাত বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে ৷ তাৰ লগতে মাতৃভাষাৰ অস্তিত্ব, মৰ্যাদা, স্বীকৃতি অক্ষুন্ন ৰাখিও ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি বিশেষকৈ সৰ্বভাৰতীয় পৰীক্ষা সমুহৰ বাবে ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰি তুলিবৰ বাবে ব্যৱস্থা ল'ব বুলিও মন্তব্য কৰে ৷

News in Assamese

ইপিনে ৰাজ্যখনত সময়ে সময়ে অনুষ্ঠিত হোৱা নিৰ্বাচনসমূহত ভোটগণনাৰ বাবে শিক্ষানুস্থান সমূহ তিনি মাহলৈকে দখল কৰি ৰখাৰ প্ৰসংগ সম্পৰ্কতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ শিক্ষানুস্থানসমূহৰ এই অসুবিধা সমূহ দূৰ কৰাৰ বিষয়ে ৰাজ্য চৰকাৰে চিন্তা চৰ্চা চলাই থকা বুলি মন্তব্য কৰে ৷
Published by:Kokil Sarma
First published: