মুখ্যপৃষ্ঠা »খবৰ »অসম »বিশেষভাৱে সক্ষম শিক্ষাৰ্থীলৈ সা–সঁজুলি প্ৰদান, ৰণোজ পেগুৱে ক’লে – তেওঁলোকক বোজা বুলি ভাবিব নালাগে

বিশেষভাৱে সক্ষম শিক্ষাৰ্থীলৈ সা–সঁজুলি প্ৰদান, ৰণোজ পেগুৱে ক’লে – তেওঁলোকক বোজা বুলি ভাবিব নালাগে

বিশেষভাৱে সক্ষম সন্তানৰ পিতৃ–মাতৃসকলে তেওঁলোকৰ সন্তানক বোজা বুলি কেতিয়াও ভাৱিব নালাগে, বৰঞ্চ তেওঁলোকক যথেষ্ট মৰম আৰু আদৰ কৰিব লাগে৷

বিশেষভাৱে সক্ষম সন্তানৰ পিতৃ–মাতৃসকলে তেওঁলোকৰ সন্তানক বোজা বুলি কেতিয়াও ভাৱিব নালাগে, বৰঞ্চ তেওঁলোকক যথেষ্ট মৰম আৰু আদৰ কৰিব লাগে৷

বিশেষভাৱে সক্ষম সন্তানৰ পিতৃ–মাতৃসকলে তেওঁলোকৰ সন্তানক বোজা বুলি কেতিয়াও ভাৱিব নালাগে, বৰঞ্চ তেওঁলোকক যথেষ্ট মৰম আৰু আদৰ কৰিব লাগে৷

  • Share this:
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীলৈ সা-সঁজুলি বিতৰণ অনুষ্ঠান৷ অনুষ্ঠানত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে  বিভিন্ন সহায়ক সা-সঁজুলি আনুষ্ঠানিকভাৱে বিতৰণ কৰে৷

উল্লেখযোগ্য যে এই অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ শৈক্ষিক সামগ্ৰীৰ লগতে প্ৰয়োজনীয় তিনিচকীয়া চাইকেল, হুইল চেয়াৰ, চেৰিব্ৰেল পালছী চেয়াৰ, স্মাৰ্ট ফোন, ব্ৰেইলী শ্লেট, ব্ৰেইলী কিট আদি ভিন্ন সঁজুলি প্ৰদান কৰা হয়। এই অনুষ্ঠানৰ দ্বাৰা ৰাজ্যখনত মুঠ ৭০২৩ বিধ সহায় সামগ্ৰী আৰু ৩০৫৪ বিধ শ্ৰৱণ সামগ্ৰী বিভাগীয়ভাৱে বিতৰণ কৰা হয়৷

অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্রী ৰণোজ পেগুয়ে কয় যে প্রতিগৰাকী ব্যক্তিৰ শাৰীৰিকভাৱে সকলো থাকিলেও আমি সকলো কামতে পাৰ্গত নহয়। বিশেষভাৱে সক্ষম সন্তানৰ পিতৃ–মাতৃসকলে তেওঁলোকৰ সন্তানক বোজা বুলি কেতিয়াও ভাৱিব নালাগে, বৰঞ্চ তেওঁলোকক যথেষ্ট মৰম আৰু আদৰ কৰিব লাগে৷ কাৰণ কিতাপৰ পঢ়াই কেবল আনুষ্ঠানিক শিক্ষা নহয়৷ মানুহে মানুহৰ প্ৰতি থকা মৰম আৰু কৰ্তব্যও ইয়াৰ অংশ স্বৰূপ।

মন্ত্ৰীগৰাকীয়ে লগতে প্ৰতিগৰাকী অভিভাৱকক বিভাগীয়ভাৱে কৰা জৰীপত তেওঁলোকৰ সন্তান তথা ওচৰ–চুবুৰীয়াত থকা বিশেষভাৱে সক্ষম ছাত্র  বা ছাত্ৰী বাদ পৰি নাযায়  আৰু প্ৰতিগৰাকী এনে ধৰণৰ ছাত্র–ছাত্ৰীয়ে যাতে বিভাগীয়ভাৱে সুবিধা লাভ কৰে তাৰ প্ৰতি সচেতন হোৱাৰ আহ্বান জনায়৷

এইক্ষেত্ৰত সমাজৰ দায়িত্বশীল ব্যক্তিৰূপে নিৰ্দিষ্ট বিভাগৰ লগত যোগাযোগ ৰাখিবলৈ আহ্বান জনায়৷ শনিবাৰৰ অনুষ্ঠানতে সমগ্ৰ শিক্ষা মিছন সঞ্চালক ড০ ওম প্ৰকাশ, কাৰ্যবাহী সঞ্চালক শ্ৰীসঞ্জয় দত্তৰ উপৰিও বিভিন্ন বিভাগীয় বিষয়া–কৰ্মচাৰীসকল উপস্থিত থাকে।

শেহতীয়া বাতৰি