নিযুক্তি পৰীক্ষা সন্দৰ্ভত টুইট কৰি গ্ৰেপ্তাৰবৰণ কৰা শিক্ষক ভিক্টৰ দাসক আজি শিক্ষা বিভাগে নিলম্বন কৰে। এই সন্দৰ্ভত সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ভিক্টৰ দাসক অনুশাসন আইনৰ অধীনত নিলম্বন কৰা হৈছে।
আৰক্ষীৰ জিম্মাত ৪৮ ঘণ্টাতকৈ অধিক থাকিলে নিলম্বিত হোৱাৰ যি নিয়ম, তাৰ অধীনত এই নিলম্বন কাৰ্যকৰী কৰা হৈছে। শিক্ষামন্ত্ৰীয়ে কয়– ''ভিক্টৰ দাসে ৪৮ ঘণ্টা পুলিচৰ জিম্মাত থকাৰ পিছতেই এই জাননী দিয়া হৈছিল।'' শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ''কোচিং কৰা, টিউচন কৰাৰ বাবে ভিক্টৰ দাসক নিলম্বন কৰা হোৱা নাই। এয়া ভুল খবৰ।"
উল্লেখ্য, পূব পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন এল পি স্কুলৰ শিক্ষক ৰূপে কৰ্তব্যৰত আছিল ভিক্টৰ। প্ৰধান শিক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ নিৰ্দেশত নিলম্বন ভিক্টৰ দাসক।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|