• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Gunotsav 2022: গুণোৎসৱ ২০২২ক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল, ৪৬ হাজাৰ শিক্ষানুষ্ঠানৰ ৪২,৫০,২২৪গৰাকী শিক্ষাৰ্থী উপকৃত হ'ব গুণোৎসৱৰ দ্বাৰা

Assam Gunotsav 2022: গুণোৎসৱ ২০২২ক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল, ৪৬ হাজাৰ শিক্ষানুষ্ঠানৰ ৪২,৫০,২২৪গৰাকী শিক্ষাৰ্থী উপকৃত হ'ব গুণোৎসৱৰ দ্বাৰা

গুণোৎসৱ ২০২২ৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

গুণোৎসৱ ২০২২ৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

গুণোৎসৱ ২০২২ৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সোমবাৰে সৰ্বশিক্ষাৰ মিছন সঞ্চালকৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি আগন্তুক গুণোৎসৱ ২০২২ সন্দৰ্ভত অৱগত কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ১১ মে'ৰ পৰা ৩টা পৰ্যায়ত গুণোৎসৱ ২০২২ অনুষ্ঠিত হ'ব।

১১ মে', ২৩ মে' আৰু ১ জুনত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱ ২০২২ত প্ৰথম পৰ্যায়ত বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আংলং, নগাঁও আৰু নলবাৰীত অনুষ্ঠিত হ'ব গুণোৎসৱ। দ্বিতীয় পৰ্যায়ত বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ,তিনিচুকীয়া, ওদালগুৰি, দক্ষিণ শালমৰা-মানকাচৰ জিলা। তৃতীয় পৰ্যায়ত বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমাহাছাও, যোৰহাট, কামৰূপ মহানগৰ, লখিমপুৰ, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলঙত গুণোৎসৱ অনুষ্ঠিত হ'ব।

বিগত বৰ্ষৰ শৈক্ষিক বৰ্ষৰ ওপৰত হ'ব লগা এই গুণোৎসৱৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)। মুখ্য সচিব, মন্ত্ৰী-বিধায়ক, শিক্ষা বিষয়াসকলৰ লগতে গুণোৎসৱ ২০২২ত (Assam Gunotsav 2022) ১৮,৭৫২গৰাকী বাহ্যিক নিৰীক্ষকে অংশ ল'ব।



৪৬ হেজাৰ শিক্ষানুষ্ঠানৰ ৪২,৫০,২২৪গৰাকী প্ৰথমৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক সামৰি লোৱা হ'ব গুণোৎসৱ ২০২২ত। শিক্ষামন্ত্ৰী পেগুৱে উল্লেখ কৰে যে ৰাজ্যৰ শিক্ষাখণ্ডৰ মান উন্নীতকৰণেৰে দেশৰ আগশাৰীত ৰাজ্যখনত উপস্থাপন কৰোৱাৰ বাবে ৰাজ্য চৰকাৰে লোৱা সংকল্পক গুণোৎসৱ ২০২২-এ এটা গতি দিব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি