• Home
  • »
  • News
  • »
  • assam
  • »
  • Minister Ranoj Pegu : বুলেট চলাই শিক্ষামন্ত্ৰীয়ে নিৰীক্ষণ কৰিলে ধেমাজিৰ মথাউৰি, নিজ সমষ্টিৰ বান পৰিস্থিতিৰ ল'লে বুজ

Minister Ranoj Pegu : বুলেট চলাই শিক্ষামন্ত্ৰীয়ে নিৰীক্ষণ কৰিলে ধেমাজিৰ মথাউৰি, নিজ সমষ্টিৰ বান পৰিস্থিতিৰ ল'লে বুজ

 স্বৰ্ণপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰে আৰু সমস্যাৰ বুজ লয়।

স্বৰ্ণপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰে আৰু সমস্যাৰ বুজ লয়।

স্বৰ্ণপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰে আৰু সমস্যাৰ বুজ লয়।

  • Share this:
ধেমাজিৰ জীয়াধল নদীৰ বাঢ়নী পানীয়ে সাপেখাটি, বগলীজান, পানীয়েমেৰানী, চুতীয়াকাৰী, ১ নং খনাকৃঞ্চপুৰ, ২ নং খনাকৃঞ্চপুৰ, ভুমা, লালুকীয়া আদি দহ খনৰো অধিক গাঁও জলমগ্ন কৰিছে। সাপেখাটি গাঁৱত জীয়াধল নদীৰ মথাউৰি ছিগাৰ ফলত বানে প্ৰবল ৰূপ ধাৰণ কৰে।

ধেমাজি বিধানসভা সমষ্টিৰ প্ৰতিনিধি তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি বান পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বৰদলনি গাঁও পঞ্চায়তৰ সাপেখাটিত কুমটীয়া নদীৰ বাঢ়নী পানীয়ে ছিগা মথাউৰি পৰিদৰ্শন কৰে।



জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ সৈতে উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ স্থানীয় লোকসকলৰ লগত মত বিনিময় কৰাৰ লগতে স্বৰ্ণপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰে আৰু সমস্যাৰ বুজ লয়।

উল্লেখ্য, ধেমাজি নৰোৱাথান গাঁও পঞ্চায়তৰ ৰটোৱাৰ মথাউৰিটো মন্ত্ৰীগৰাকী বুলেট চলাই ইমূৰৰ পৰা সিমূৰলৈ পৰিদৰ্শন কৰে। সম্প্ৰতি সুৰক্ষিত অৱস্থাত আছে মথাউৰিটো। ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে বৰ্মনগাঁৱত নিৰ্মাণৰত মথাউৰিটো নিৰীক্ষণ কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি