বৰপেটা জিলাত বুধবাৰৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ বহিঃমূল্যায়নৰ বাবে আজি বৰপেটাৰ বাৰাদিত অৱস্থিত কস্তুৰবা গান্ধী বালিকা আৱাসিক বিদ্যালয়ত উপস্থিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু৷
শিক্ষামন্ত্ৰীগৰাকী বৰপেটাৰ কস্তুৰবা গান্ধী বালিকা আৱাসিক বিদ্যালয়ত উপস্থিত হোৱাৰ পিছতে তেওঁক ছাত্ৰীসকলে আদৰণি জনায়। তাৰ পিছতে বিদ্যালয়ৰ নিয়মীয়া কাৰ্যসূচী হিচাপে প্ৰাতঃসভা অনুষ্ঠিত হয়। ইয়াত ছাত্ৰীসকলে প্ৰাৰ্থনাৰ পিছতে কুইজ, বিষয়ভিত্তিক আলোচনা, বাতৰি কাকত পাঠ আদি কাৰ্যসূচী ৰূপায়ণ কৰে।
শিক্ষামন্ত্ৰী গৰাকীয়ে এই বিষয়সমুহ পৰ্যবেক্ষণ কৰাৰ পিচতে বিদ্যালয়খনৰ শ্ৰেণী কোঠালৈ গৈ ছাত্ৰীসকলৰ সৈতে মত বিনময় কৰে৷ শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ সা-সুবিধাসমুহৰ বুজ লোৱাৰ লগতে শিক্ষয়িত্ৰীসকলৰ সৈতেও মত বিনিময় কৰে ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গুণোৎসৱে নিশ্চিতভাৱে ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰিলে শিক্ষাৰ মান উন্নত হ'ব বুলি মন্তব্য কৰে ৷
২০১৭ বৰ্ষৰ তুলনাত ২০১৮ বৰ্ষত বৰপেটাত 'A'+ বিদ্যালয়ৰ সংখ্যা ২৫ শতাংশ বৃদ্ধি পাইছিল যদিও ক'ভিড পৰিস্থিতিৰ বাবে এয়া তললৈ নামি আহে ৷ অৱশ্যে যোৱাবাৰৰ তুলনাত এই বৰ্ষত ফলাফল উন্নত আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰে ৷ আনকি বৰপেটাত এইবেলি 'A'+ লাভ কৰা বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে গুণোৎসৱৰ ফলত শিক্ষাৰ মান যথেষ্ট উন্নত হোৱা বুলিও মন্তব্য কৰাৰ লগতে চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱা বুলিও কয় ৷
শিক্ষামন্ত্ৰীয়ে কয় যে গুণোৎসৱৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলেও এতিয়া 'A' নহয় 'A'+ লাভৰ বাবে আশা কৰিবলৈ লৈছে ৷ আনহাতে চৰকাৰে প্ৰতিবছৰে গুণোৎসৱ অনুষ্ঠিত কৰিব বুলি সদৰী কৰে৷ বিদ্যালয়সমূহৰ বাবে প্ৰতিটো দিনেই গুণোৎসৱ বুলি অভিহিত কৰে ৷ চৰকাৰে প্ৰতিতো দিনতেই গুণোৎসৱ কৰিব নোৱাৰে ৷ সেয়ে এইক্ষেত্ৰত শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে নাগৰিক সমাজ সচেতন হ'ব লাগিব৷
গুণোত্সৱ উপলক্ষে আজি বৰপেটা জিলাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ লগতে একে চৌহদতে থকা পৰমেশ তালুকদাৰ উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰোঁ। 1/3#গুণোৎসৱ২০২৩ pic.twitter.com/Z68ubyOJrL
— Ranoj Pegu (@ranojpeguassam) January 21, 2023
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|