অধ্যয়নৰ বাবে কোনো বয়স নাথাকে। ইচ্ছা আৰু একাগ্ৰতা থাকিলে যিকোনো সময়তে হ'ব পৰা যায় এগৰাকী ছাত্ৰ। আজি তাৰেই নজিৰ স্থাপন কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। দীৰ্ঘদিনৰ পিছত ছাত্র ৰূপত দেখা যাব ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুক।
শিক্ষামন্ত্ৰী পেগুৱে আজি সংস্কৃত ভাষাৰ এটা দুবছৰীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰে। মূলতঃ সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নিজে সংস্কৃত ভাষাত জ্ঞান আহৰণৰ লক্ষ্যৰে শিক্ষামন্ত্ৰী পেগুৱে দুবছৰীয়া সংস্কৃত ভাষাৰ পাঠ্যক্ৰমটোত নামভৰ্তি কৰে বুলি জানিব পৰা গৈছে।
ডাঃ ৰণোজ পেগুৱে সংস্কৃত ভাষাৰ পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ সময়ত সংস্কৃত ভাৰতী উত্তৰ-পূৰ্বাঞ্চল(ট্ৰাষ্ট)ৰ অধ্যক্ষ উদয় আদিত্য গোস্বামী, সংস্কৃত ভাৰতী(অসম প্ৰান্ত)ৰ সাংগঠনিক সম্পাদক ভৱেশ শইকীয়া, সংস্কৃত ভাৰতী অসম প্ৰান্তৰ অধ্যক্ষ কুমুদ বৰঠাকুৰ, শ্ৰীশ্ৰী দক্ষিণপট সত্ৰৰ প্ৰদুন্ম্য দত্ত আদি ব্যক্তিসকল উপস্থিত থাকে।
মন্ত্ৰীগৰাকীয়ে সংস্কৃত ভাষাৰ জ্ঞান আয়ত্তৰ বাবে লোৱা এই সিদ্ধান্তক বহুতে আদৰণি জনাইছে। উল্লেখযোগ্য যে ১৯৮৭ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছৰ শিক্ষা গ্ৰহণ কৰিছিল ডঃ ৰণোজ পেগুৱে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|