মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam HSLC Results 2023: মেট্ৰিকৰ ফলাফল ঘোষণাৰ পিছতে ধেমাজিত শিক্ষামন্ত্ৰীৰ সংবাদমেল সম্বোধন

Assam HSLC Results 2023: মেট্ৰিকৰ ফলাফল ঘোষণাৰ পিছতে ধেমাজিত শিক্ষামন্ত্ৰীৰ সংবাদমেল সম্বোধন

  • Share this:
মেট্ৰিকৰ ফলাফল ঘোষণাৰ পিছতে ধেমাজিত শিক্ষামন্ত্ৰীয়ে সংবাদ মেল সম্বোধন কৰে। সম্পূৰ্ণ নিয়াৰিকৈ ফলাফল ঘোষণাত সুখী বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীয়ে ধন্যবাদ জনায় শিক্ষক সমাজক ৷

শিক্ষামন্ত্ৰীয়ে লগতে উল্লেখ কৰে– বিগত বৰ্ষত ৫৬ শতাংশ উত্তীৰ্ণ হোৱাৰ বিপৰীতে এইবছৰ ৭২ .৬৯ শতাংশ উত্তীৰ্ণ হোৱাটোৱে মেট্ৰিকৰ ফলাফল এইবাৰ পূৰ্বতকৈ ভাল হোৱাটোকে সূচায় ৷ এইবছৰ চৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল আৰু ইয়েই শিক্ষা ব্যৱস্থাৰ উত্তৰণ ঘটাৰো কথা বুজায় ৷

মন্ত্ৰীগৰাকীয়ে লগতে কয়– এইবাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ফলাফলো ভাল। যোৱাবাৰতকৈ এইবাৰ মেট্ৰিকৰ ৰিজাল্ট সোনকালে দিয়া হৈছে ৷ হায়াৰ ছেকেণ্ডাৰী ফলাফলৰ বাবে আৰু কিছুদিন সময় লাগিব , কিয়নো পূৰ্বৰ তুলনাত এইবাৰ প্ৰায় ১ লাখ ৩০ হাজাৰ শিক্ষাৰ্থী বেছি হৈছে হায়াৰ ছেকেণ্ডাৰীত ৷

আনহাতে মেট্ৰিকৰ ফলাফল হঠাতে ঘোষণা কিয় কৰিলে বুলি সোধা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে হঠাতে নহয়, এই সম্পৰ্কে স্পষ্টকৈ তাৰিখ ঘোষণা নকৰিলেও আগতীয়া ইংগিত দিয়া হৈছিল যে এইবাৰ মেট্ৰিকৰ ফলাফল পূৰ্বতকৈ আগতে ঘোষণা কৰা হ'ব। যোৱা বৰ্ষত ৩০ মে'ত ফলাফল ঘোষণা কৰা হৈছিল আৰু এইবাৰ ২২ মে'ত ফলাফল ঘোষণা কৰা হয়।

শেহতীয়া বাতৰি