ব্যক্তিগত খণ্ডৰ বিদ্য়ালয়লৈ শিক্ষামন্ত্ৰীৰ নিৰ্দেশ, ‘৫০ শতাংশ ৰেহাই দিয়ক ছাত্ৰ-ছাত্ৰীৰ মাছুল’

News18 Assam | News18-Assam
Updated:April 22, 2020, 3:59 PM IST
ব্যক্তিগত খণ্ডৰ বিদ্য়ালয়লৈ শিক্ষামন্ত্ৰীৰ নিৰ্দেশ, ‘৫০ শতাংশ ৰেহাই দিয়ক ছাত্ৰ-ছাত্ৰীৰ মাছুল’
দৰমহা কাটিব নোৱাৰিব শিক্ষক-কৰ্মচাৰীৰ।

দৰমহা কাটিব নোৱাৰিব শিক্ষক-কৰ্মচাৰীৰ।

  • Share this:
ল’ক ডাউনৰ সময়ত বেচৰকাৰী শিক্ষানুষ্ঠান সমূহলৈ বিশেষ নিৰ্দেশনা প্ৰদান কৰিলে শিক্ষা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। এপ্ৰিলত ল’বলগীয়া মাৰ্চ মাহৰ স্কুলৰ সামগ্ৰিক মাছুলৰ ৫০% হে অভিভাৱকৰ পৰা আদায় লব পাৰিব বিদ্য়ালয় কতৃপক্ষই। এই সময়ত কোনো বেচৰকাৰী স্কুলে নিজাববীয়াকৈ মাছুল বঢ়াব নোৱাৰিব বুলিও উল্লেখ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।



ল’ক ডাউনৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মুঠ ৫২ দিন স্কুল ক্ষতি হ’ব, সেয়া চৰকাৰী বন্ধৰ পৰা কৰ্তন কৰি মিলাব বুলি সংবাদ মাধ্যমক জনাই শিক্ষা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। আনহাতে এই সময়ছোৱাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে শিক্ষক তথা কৰ্মচাৰীৰো দৰমহা কৰ্তন কৰিব নোৱাৰিব।
Published by: Himangshu Bhuyan
First published: April 22, 2020, 3:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি