কোৰোণা মহামাৰীৰ মাজতে ৰাজ্য ৯,৬৩৫টা শিক্ষক পদত নিযুক্তিৰ কাম আৰম্ভ

News18 Assam | News18-Assam
Updated:May 22, 2020, 12:11 PM IST
কোৰোণা মহামাৰীৰ মাজতে ৰাজ্য ৯,৬৩৫টা শিক্ষক পদত নিযুক্তিৰ কাম আৰম্ভ
এই পদসমূহৰ বাবে ৭০,০০০ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ পৰা নিযুক্তি দিয়া হৈছে।

এই পদসমূহৰ বাবে ৭০,০০০ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ পৰা নিযুক্তি দিয়া হৈছে।

  • Share this:
ৰাজ্যত কোৰোণাৰ সাংহাৰী ৰূপৰ মাজতে শিক্ষা বিভাগে আৰম্ভ কৰিছে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া। বিদ্যালয়সমূহৰ উচ্চ আৰু নিম্ন প্ৰথমিকৰ ৯,৬৩৫টা পদৰ বাবে ইতিমধ্যে শিক্ষা বিভাগে নিযুক্তি প্ৰক্ৰিয়াৰ কাম সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ ৩৩খন জিলাত দুই এদিনৰ ভিতৰতে নিযুক্তি পত্ৰ প্ৰদান কৰিব বিভগটোৱে। এই পদসমূহৰ বাবে ৭০,০০০ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ পৰা নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য নতুন পদৰ বাবে ২০১৯ বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৰাজ্যত আঠ বছৰৰ মূৰত অনুষ্ঠিত হৈছিল টেট পৰীক্ষা।

আনহাতে, নিযুক্তি প্ৰদান কৰা পদসমূহত ষ্টেট পুল আৰু ঠিকা ভিত্তিক শিক্ষকসকলেও প্ৰ-পত্ৰ পূৰণ কৰিছিল। শিক্ষা বিভাগে সকলো প্ৰাৰ্থীৰ নথি-পত্ৰ পৰীক্ষা কৰি প্ৰস্তুত কৰিছে প্ৰথমখন তালিকা। আনহাতে, ব’হাগ বিহুৰ পূৰ্বে আন ৭০০০ হাজাৰ পদত  নিযুক্তি কাম আৰম্ভ কৰাৰ কথা আছিল যদিও লকডাউনৰ পিছতহে আৰম্ভ হ’ব এই প্ৰক্ৰিয়া।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading