শিক্ষক নিযুক্তিৰ বিজ্ঞাপন বাতিল, এমাহৰ ভিতৰত অনুষ্ঠিত হ’ব হাইস্কুল টেট!

News18-Assam
Updated:August 29, 2019, 8:07 PM IST
শিক্ষক নিযুক্তিৰ বিজ্ঞাপন বাতিল, এমাহৰ ভিতৰত অনুষ্ঠিত হ’ব হাইস্কুল টেট!
হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষক নিযুক্তিৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে বিজ্ঞাপন জাৰি কৰাৰ পিছতে হৈছিল বিতৰ্কৰ সূত্ৰপাত

হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষক নিযুক্তিৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে বিজ্ঞাপন জাৰি কৰাৰ পিছতে হৈছিল বিতৰ্কৰ সূত্ৰপাত

  • Share this:
কোনো দিন যেন সমস্যা মুক্ত নহ’ব ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগৰ! কেইদিনমান পূৰ্বে ৰাজ্যৰ শিক্ষা বিভাগে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত খালী হৈ থকা ৪,০৬৭ টা শিক্ষক পদৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। কিন্তু বিজ্ঞাপন প্ৰকাশৰ পিছতে সৃষ্টি হৈছিল বিতৰ্কৰ!

হাইস্কুল টেট অনুষ্ঠিত নকৰাকৈয়ে শিক্ষা বিভাগে শিক্ষক নিযুক্তি দিবলৈ ওলোৱাৰ কাৰ্যই বাৰুকৈয়ে শংকিত কৰি তুলিছিল ৰাজ্যৰ লাখ লাখ বি.এড ডিগ্ৰী ধাৰীক। সেইদৰে ২০১৩ চনত শিক্ষা বিভাগে অনুষ্ঠিত কৰা হাইস্কুল টেট পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰায় সংখ্যকেই ইতিমধ্যে কৰ্মৰত, ফলত নতুনকৈ নিযুক্তি দিবলৈ বিজ্ঞাপন প্ৰকাশ কৰা ৪,০৬৭ টা পদ পূৰ্ণৰ বাবে পৰ্যাপ্ত বি,এড ডিগ্ৰীধাৰী, হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থী নথকাৰ কথা প্ৰকাশ কৰিছিল একাংশই।

বি.এড ডিগ্ৰীধাৰী সকলে  নতুনকৈ হাইস্কুল টেট অনুষ্ঠিত কৰি খালী হৈ থকা পদ পূৰণ কৰিবলৈ অনুৰোধ জনাইছিল শিক্ষা বিভাগক। এই সন্দৰ্ভত কেইজন মান ছাত্ৰ প্ৰতিনিধিয়ে শিক্ষা মন্ত্ৰীক লগ ধৰি সমগ্ৰ প্ৰক্ৰিয়াটো সলনি কৰিবলৈ অনুৰোধ জনাইছিল, কাৰণ টেট অনুষ্ঠিত নকৰাকৈয়ে বিদ্যালয়ত শিক্ষক নিযুক্তি দিলে সমগ্ৰ ব্যৱস্থাটোৱে অৰাজক হ’ব বুলি সন্দেহ প্ৰকাশ কৰিছিল ছাত্ৰ প্ৰতিনিধি কেইজনে।

ৰাজ্যৰ লাখ লাখ বি.এড ডিগ্ৰীধাৰীৰৰ যেন অৱশেষত কথা শুনিলে ৰাজ্যৰ শিক্ষা বিভাগে!  অৱশেষত ৪,০৬৭ টা পদত শিক্ষক নিযুক্তিৰ বিজ্ঞাপন বাতিল কৰে শিক্ষা বিভাগে। সেইদৰে শিক্ষক নিযুক্তিৰ বাবে শিক্ষা বিভাগে টে’ট পৰীক্ষা অনুষ্ঠিত কৰাৰো ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। শপতনামা যোগে এই কথা গুৱাহাটী উচ্চ ন্যায়ালয়ক জনালে  চৰকাৰে। ন্যায়ালয়েও এমাহৰ ভিতৰত এই টে’ট প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰক।
First published: August 29, 2019, 7:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading