உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Model School in Barpeta: ''ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়ে অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰতি কোনো ভাবুকি কঢ়িয়াই আনিব নোৱাৰে''- বৰপেটাত ক'লে ননী গোপাল মহন্তই

    Model School in Barpeta: ''ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়ে অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰতি কোনো ভাবুকি কঢ়িয়াই আনিব নোৱাৰে''- বৰপেটাত ক'লে ননী গোপাল মহন্তই

    বৰপেটাত মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ননী গোপাল মহন্তই তিনিখনকৈ আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰে।

    বৰপেটাত মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ননী গোপাল মহন্তই তিনিখনকৈ আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰে।

    বৰপেটাত মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ননী গোপাল মহন্তই তিনিখনকৈ আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰে।

    • Share this:
    'ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত স্থাপন হোৱা ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়বোৰে অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰতি কোনো ভাবুকি কঢ়িয়াই আনিব নোৱাৰে'' বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ড0 ননীগোপাল মহন্তই (Nani Gopal Mahanta) ৷ আজি ৰাজ্যৰ শিক্ষা উপদেষ্টাগৰাকী বৰপেটাত উপস্থিত হৈ জিলাখনত থকা তিনিখনকৈ চৰকাৰী আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰি ইংৰাজী মাধ্যমক লৈ এই মন্তব্য কৰে ৷

    তেওঁ কয় যে ইংৰাজী মাধ্যমৰ এই মডেল স্কুলবোৰে (Model School) অসমীয়া কৃষ্টি-সংস্কৃতি ধ্বংস কৰিব বুলি অসমীয়া মানুহৰ মাজত এটা বদ্ধমুল ধাৰণা আছে ৷ আদৰ্শ বিদ্যালয়সমূহৰ মান বহু উন্নত বুলি অভিহিত কৰি আদৰ্শ বিদ্যালয়বোৰে কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলিও মন্তব্য কৰে ৷

    আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ দিনটোতে অসমত চৰকাৰী পৃষ্ঠপোষকতাত গঢ় লৈ উঠা ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়সমূহক লৈ শিক্ষা উপদেষ্টা ড0 ননীগোপাল মহন্তই কৰা এই মন্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ ইপিনে ৰাজ্যখনৰ আদৰ্শ বিদ্যালয়সমূহত কৰ্মৰত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে অচিৰেই জাননী জাৰি হ'ব বুলি জানিবলৈ দিয়ে শিক্ষা উপদেষ্টাগৰাকীয়ে ৷

    শিক্ষা উপদেষ্টাগৰাকীয়ে আদৰ্শ বিদ্যালয়সমূহৰ মান অতি উন্নত বুলি জানিবলৈ দি অভিভাৱকসকলে নিজৰ সন্তানক আদৰ্শ বিদ্যালয়ত পঢ়ুৱাবলৈ হেতা-ওপৰা লগোৱা বুলি কয়। আনকি লটাৰীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰিবলগীয়া হোৱাৰ কথা উল্লেখ কৰে ৷ বৰপেটা জিলাখনৰ (Barpeta District) শিক্ষা বিষয়াসকলৰ সৈতে আদৰ্শ বিদ্যালয়কেইখন পৰিদৰ্শন কৰি ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ গুণগত মান উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়া বুলিও মন্তব্য কৰে শিক্ষা উপদেষ্টাগৰাকীয়ে ৷
    Published by:Gautam Barman
    First published: