ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছিল নিয়োগ মেলা (Job Mela)। কিন্তু অভিযোগ উঠিছে এয়া আছিল ভেঁকোভাওনা ৷ বৰপেটাতো উঠিছে এই অভিযোগ। নিয়োগ মেলাৰ নামত নিবনুৱাৰ পৰা বায়োডাটা গ্ৰহণ কৰি মূল্যহীন কাগজ দৰে পেলাই দিয়া ঘটনাই এতিয়া বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে।
বৰপেটাৰ নিয়োগ বিভাগে আয়োজন কৰা নিয়োগ মেলাত এই ঘটনা সংঘটিত হৈছে ।
নিয়োগ বিভাগে নিবনুৱাৰ পৰা বায়োডাটা গ্ৰহণ কৰি পেলাই দিয়ে বায়োডাটাসহ সম্পূৰ্ণ কাগজ পত্ৰ ৷ এয়া নিয়োগ মেলাৰ নামত শিক্ষিত নিবনুৱাক চৰম অপমান কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভুক্তভোগীসকলে (biodata dumping like worthless paper)।