নেচনেল হেৰাল্ড গোচৰত মঙলবাৰে ছোনিয়া গান্ধীক ৬ ঘণ্টা ধৰি জেৰা কৰিলে ইডিয়ে। আজি তৃতীয়বাৰ সোধা–পোছাৰ বাবে পুনৰ তলব কৰা হৈছে কংগ্ৰেছ সভানেত্ৰীগৰাকীক। মঙলবাৰে ১১ বজাত পুত্ৰ ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকা গান্ধীৰ সৈতে ইডিৰ কাৰ্যালয়ত উপস্থিত হয় ছোনিয়া গান্ধী।
প্ৰশ্নোত্তৰ আৰম্ভ হোৱাৰ পিছত কংগ্ৰেছ নেতা–কৰ্মীসকলৰ সৈতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ সৈতে আটক কৰে ৰাহুল গান্ধীক।
সকলো কোভিদ বিধি অনুসৰণ কৰি মঙলবাৰে ছোনিয়া গান্ধীক সোধা–পোছা কৰে ইডিয়ে। দুজন চিকিৎসক আৰু এখন এম্বুলেঞ্চো সাজু কৰি ৰখা হৈছিল।
বিগত সপ্তাহৰ শুকুৰবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে সোমবাৰৰ ভিতৰত নেচনেল হেৰাল্ড গোচৰৰ তদন্তত যোগ দিয়াৰ বাবে ছোনিয়া গান্ধীক চমন জাৰি কৰে। পিছত সেয়া এদিন পিছুৱাই দিয়া হয়।