• Home
  • »
  • News
  • »
  • assam
  • »
  • ছোনিয়া গান্ধীলৈ ই ডিয়ে চমন জাৰি কৰাৰ বিৰোধিতাৰে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

ছোনিয়া গান্ধীলৈ ই ডিয়ে চমন জাৰি কৰাৰ বিৰোধিতাৰে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

ছোনিয়া গান্ধীলৈ চমন জাৰি কৰাৰ বিৰোধিতাৰে দেশজুৰি কংগ্ৰেছে গ্ৰহণ কৰিছে এই কাৰ্যসূচী।

ছোনিয়া গান্ধীলৈ চমন জাৰি কৰাৰ বিৰোধিতাৰে দেশজুৰি কংগ্ৰেছে গ্ৰহণ কৰিছে এই কাৰ্যসূচী।

ছোনিয়া গান্ধীলৈ চমন জাৰি কৰাৰ বিৰোধিতাৰে দেশজুৰি কংগ্ৰেছে গ্ৰহণ কৰিছে এই কাৰ্যসূচী।

  • Share this:
নেচনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধীলৈ ইডিয়ে চমন জাৰি কৰা ঘটনাৰ বিৰোধিতাৰে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ। মহানগৰীৰ গণেশ উদ্যানত সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰে অসম কংগ্ৰেছে। এই প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, বিধায়ক ৰকিবুল হুছেইনকে ধৰি কংগ্ৰেছৰ বহু নেতা–কৰ্মীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ছোনিয়া গান্ধীলৈ চমন জাৰি কৰাৰ বিৰোধিতাৰে দেশজুৰি কংগ্ৰেছে গ্ৰহণ কৰিছে এই কাৰ্যসূচী।

নেচনেল হেৰাল্ড গোচৰত আজি পুনৰ ছোনিয়া গান্ধীক সোধা–পোছা কৰিব এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে (ED)। আজি দুপৰীয়া ইডিৰ কাৰ্যালয়ত উপস্থিত হ’ব ছোনিয়া গান্ধী। ইডিয়ে ছোনিয়া গান্ধীক সোধা–পোছাৰ বাবে পূৰ্বে সোমবাৰে তলব কৰিছিল, কিন্তু পিছত এদিনৰ বাবে পিছুৱাই দিয়া হয়। উল্লেখযোগ্য যে ২১ জুলাইত দুঘণ্টাৰ বাবে সোধা–পোছা কৰিছিল ছোনিয়া গান্ধীক।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি