• Home
  • »
  • News
  • »
  • assam
  • »
  • APCC Protest at Nagaon: ''হিমন্ত বিশ্ব শৰ্মাই দুই নম্বৰী কৰি মুখ্যমন্ত্ৰী হ'ল, হিমন্তৰ ৰঙাচকুলৈ সকলোৱে ভয় কৰে''- কোনে কিয় ক'লে?

APCC Protest at Nagaon: ''হিমন্ত বিশ্ব শৰ্মাই দুই নম্বৰী কৰি মুখ্যমন্ত্ৰী হ'ল, হিমন্তৰ ৰঙাচকুলৈ সকলোৱে ভয় কৰে''- কোনে কিয় ক'লে?

প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নাম কেলেংকাৰিত সাঙোৰ খাইছে- গৌৰৱ গগৈ

প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নাম কেলেংকাৰিত সাঙোৰ খাইছে- গৌৰৱ গগৈ

প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নাম কেলেংকাৰিত সাঙোৰ খাইছে- গৌৰৱ গগৈ

  • Share this:
''বিজেপিৰ পৰা এজন জনজাতীয় মানুহকহে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল অসমৰ ৰাইজে। পিছে এইজন কেনেকৈ মুখ্যমন্ত্ৰী হ'ল সেয়া সকলোৱে জানে। এইজন দুই নম্বৰী মুখ্যমন্ত্ৰী।'' -কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে EDয়ে চমন জাৰি কৰাৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদত অংশগ্ৰহণ কৰি আজি এই মন্তব্য কৰে চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে (Assam Congress protests in Nagaon against ED)।

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বিৰোধী দলৰ উপ-দলপতিগৰাকীয়ে সংবাদ মাধ্যমকো সমালোচনা কৰি কয়- ''আপোনালোকক কথা কৈয়ো লাভ নাই কাৰণ আপোনালোকৰ দেখুৱাবলৈকো সাহস নাই। মই যি ক'ম সেয়া কাট-পেষ্ট কৰিহে দেখুৱাব। হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকুলৈ আজিকালি সকলোৱে ভয় কৰে।''

আনহাতে প্ৰতিবাদত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে কয়- '' গোপীনাথ বৰদলৈৰ দিনৰ পৰা অসমৰ কোনো মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নাম কেলেংকাৰিত সাঙোৰ খোৱা নাছিল।কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নাম কেলেংকাৰিত সাঙোৰ খাইছে। ক'ভিডৰ দুৰ্যোগৰ মাজতো পিপিই কিটৰ নামত কেলেংকাৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ। ভূমিহীনৰ বাবে আবণ্টিত ভূমিও আত্মসাৎ কৰাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ। ED কেৱল কংগ্ৰেছৰ বিৰুদ্ধেহে কিয়।সাহস আছে যদি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ওপৰতো তদন্ত কৰক EDয়ে।"

আনহাতে এআইইউডিএফকো কঠোৰ সমালোচনা কৰি সাংসদ গৌৰৱ গগৈয়ে কয়- ''এআইইউডিএফে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথা ক'বলৈ সাহস নকৰে। তেওঁলোকে কেৱল কংগ্ৰেছকহে সমালোচনা কৰে।"

উল্লেখ্য যে নগাঁও ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ইডি য়ে চমন জাৰি কৰাৰ বিৰুদ্ধে আয়োজিত প্ৰতিবাদী সভাত আজি অংশগ্ৰহণ কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, নুৰুল হুদা আৰু শিৱামণি বৰাই। নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই সভাপতিত্ব কৰা প্ৰতিবাদী সভাত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে। সভাৰ অন্তত কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদী সমদলো উলিয়ায়।
Published by:Gautam Barman
First published: