মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ অব্যাহত আছে হাইলাকান্দি জিলাত । যোৱা ২৬ জুলাইত কাছাৰ জিলাৰ অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তৰ লায়লাপুৰত সংঘটিত আক্ৰমণৰ প্ৰতিবাদত যোৱা ২৭ জুলাইৰ পৰা চলি আছে এই অৱৰোধ। লায়লাপুৰত মিজোৰাম আৰক্ষী আৰু একাংশ দুৰ্বৃত্তই চলোৱা গুলীত অসম আৰক্ষীৰ ৬ গৰাকী জোৱান শ্বহীদ হৈছিল । লগতে আহত হৈছিল আন ৪২ জন আৰক্ষী জোৱান । যাৰ ভিতৰত আছে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকো।
তাৰ পিছৰ পৰা সমগ্ৰ বৰাক উপত্যকাত মিজোৰামৰ বিৰুদ্ধে আৰম্ভ হৈছিল প্ৰতিবাদ আৰু বৰাকৰ তিনি জিলাত মিজোৰামৰ বিৰুদ্ধে আৰম্ভ হৈছে অৰ্থনৈতিক প্ৰতিবাদ । বৰাকৰ স্থানীয় ৰাইজে বন্ধ কৰি দিছিলে মিজোৰামৰ লগতে সংযোগী থকা সকলো ৰাষ্ট্ৰীয় ঘাইপথ আৰু একমাত্ৰ ৰে'লপথটোও।
যোৱা ২৭ জুলাইৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদ এতিয়াও অব্যাহত আছে । সোমবাৰে হাইলাকান্দি জিলাৰ মিজোৰাম সীমান্তৱৰ্তী ৰামনাথপুৰ ৰে'ল ষ্টেচনৰ কাষত অসম মিজোৰাম সংযোগী ৬ নম্বৰ (পুৰণী ১৫৪ ) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। লগতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ পুত্তলিকাও দাহ কৰে স্থানীয় ৰাইজে। মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথেঙ্গা, মিজোৰাম চৰকাৰ, মিজোৰামৰ ছাত্ৰ সংস্থা MZP আৰু YMA মুৰ্দাবাদ শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। তেওঁলোকৰ দাবী অতি সোনকালে প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰীয়ে দুই ৰাজ্যৰ সীমান্ত সমস্যাৰ সমাধান কৰক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|