মুখ্যপৃষ্ঠা »খবৰ »অসম »যোৰহাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল ভাৰতীয় সেনাবাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডৰ অলংকৰণ সমাৰোহ ...

যোৰহাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল ভাৰতীয় সেনাবাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডৰ অলংকৰণ সমাৰোহ ...

ভাৰতীয় সেনাৰ শক্তিৰ আভাস লৈ অভিভূত যোৰহাটবাসী। যোৰহাটত বুধবাৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হল ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডৰ অলঙ্কৰণ সমাৰোহ । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই সমাৰোহৰ দ্বিতীয় দিনৰ মূল অনুষ্ঠানত উপস্থিত থাকে সেনাবাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডৰ জিঅচি লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ।

  • Share this:
যোৰহাটত বুধবাৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হল ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডৰ অলঙ্কৰণ সমাৰোহ । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই সমাৰোহৰ দ্বিতীয় দিনৰ মূল অনুষ্ঠানত উপস্থিত থাকে সেনাবাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডৰ জিঅচি লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ।

যোৰহাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডৰ ২০২৩বৰ্ষৰ অলঙ্কৰণ সমাৰোহ ( Investiture Ceremony ) ত সেনাবাহিনীৰ বিভিন্ন ক্ষেত্ৰত বীৰত্ব প্ৰদৰ্শন কৰা বীৰ সেনা বিষয়া-জোৱানসকলক সন্মানীয় বঁটাসমূহ প্ৰদান কৰা হয় । বুধবাৰে যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সেনাবাহিনীৰ বহু সংখ্যক শীৰ্ষ বিষয়া উপস্থিত থাকে । এই অনুষ্ঠানত বহুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোক উপস্থিত থাকে । অনুষ্ঠানত ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডৰ জিঅচি লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই বীৰ সেনা বিষয়াসকলক সন্মানীয় বঁটাসমূহ প্ৰদান কৰে । ভাৰতীয় সেনা বাহিনীক জনসাধাৰণৰ মাজলৈ অধিক ওচৰ চপাই নিয়াৰ বাবে এই সমাৰোহ যোৰহাটৰ দৰে ঠাইত অনুষ্ঠিত কৰা হৈছে ।

সেনাবাহিনীৰ অলঙ্কৰণ সমাৰোহৰ  সৈতে সংগতি ৰাখি ২১ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীৰ বিয়লিলৈ যোৰহাট ষ্টেডিয়ামত সেনা বাহিনীয়ে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰাৰ লগতে সেনা বাহিনীক জনসাধাৰণৰ সৈতে অধিক পৰিচিত কৰি তুলিবৰ বাবে  বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে । এই প্ৰদৰ্শনীত সেনা বাহিনীৰ যুজাৰু হেলিকপ্টাৰৰ পৰা অত্যাধুনিক টেভৰ ৰাইফল তথা মিচাইলৰ পৰা বৰটোপলৈকে বহুখিনি অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ প্ৰদৰ্শন কৰা হৈছে । উল্লেখ্য শেহতীয়াকৈ দেশৰ প্ৰতিৰক্ষাত ব্যৱহাৰ কৰা যুজাৰু হেলিকপ্টাৰৰ পৰা আৰম্ভ কৰি বহু সামগ্ৰী ভাৰততে নিৰ্মাণ কৰা হৈছে । দেশীয় প্ৰযুক্তিৰে নিৰ্মীত সেনাবাহিনীৰ এই প্ৰতিৰক্ষা শক্তিসমূহ দেখি বহু লোকে ভাৰতীয় সেনাৰ শক্তি অনুধাৱন কৰিবলৈ সক্ষম হৈছে ।

পশ্চিম বংগকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে থকা আন্তঃৰাষ্ট্ৰীয় সীমাসমূহত যিকোনো ধৰণৰ প্ৰত্যাহ্বান প্ৰতিৰোধ কৰিব পৰাকৈ সেনাবাহিনীৰ ইষ্টাৰ্ণ কামাণ্ড সদায় সাজু আছে বুলি জানিবলৈ দিয়ে লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই । সেনাৰ শীৰ্ষ বিষয়াগৰাকীয়ে কেৰিয়াৰ হিচাবে ভাৰতীয় সেনা এক উৎকৃষ্ট স্থান বুলি মন্তব্য কৰে আৰু অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক সেনাবাহিনীত যোগদান কৰিবলৈ আহ্বান জনায় ।

শেহতীয়া বাতৰি