অৰুণাচল সীমান্তত চীনে আন্তঃগাঁথনি বহুত উন্নত কৰাৰ বিষয়ে প্ৰকাশ কৰে কলিতাই
অৰুণাচল সীমান্তত চীনে আন্তঃগাঁথনি বহুত উন্নত কৰাৰ বিষয়ে প্ৰকাশ কৰে কলিতাই
ইষ্টাৰ্ন আৰ্মী কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই (Eastern Army Commander Lieutenant General RP Kalita) আজি নাৰেংগী মিলিটাৰী কেম্পত এক সংবাদমেল সম্বোধন কৰে। উত্তৰ-পূবত সেনাবাহিনীৰ স্থিতিৰ লগতে তেওঁ আলফা, চীনৰ আগ্ৰাসন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে।
আৰ পি কলিতাই কয়- ''ভাৰতৰ পূব দিশৰ অশান্তজর্জৰ এলেকাসমূহ নিয়ন্ত্ৰণত আছে।ডোকলামৰ পৰিস্থিতিও এতিয়া নিয়ন্ত্ৰণত। অৰুণাচলৰ যি অঞ্চলত চীনৰ আগ্ৰাসন হোৱা বুলি কোৱা হয়, সেই অঞ্চলত ১৯৫৯ চনত তেনে হৈছিল, চীন ভাৰতৰ যুদ্ধৰ তিনি বছৰ পিছত ১৯৬২ চনত হৈছিল। এতিয়া তেনে কোনো আগ্ৰাসন হোৱা নাই, দেশৰ এই প্ৰান্তত যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ আমি সাজু।''
তিব্বত চীনৰ অধীনত অহাৰ পিছৰে পৰা চীনে তাত আন্তঃগাঁথনি বহুত উন্নত কৰা বুলি জানিবলৈ দি airport, helipad, duplicate runway নিৰ্মাণ কৰি সীমান্তৰ গাঁৱৰ আন্তঃগাঁথনি চীনে মজবুত কৰাৰ লগতে সীমান্ত অঞ্চলত 5G সেৱা উন্নত কৰাৰ বিষয়ে অৱগত কৰে।
তেওঁ লগতে অসমতো আন্তঃগাঁথনি বহুত মজবুত হৈছে বুলি উল্লেখ কৰি কেইবাখনো দলং নিৰ্মাণৰ লগতে বিমান সংযোগ (air connectivity) বহুত উন্নত হৈছে বুলি কয়। এইক্ষেত্ৰত অৰুণাচলৰ (Arunachal) জিৰো, মেচুকালৈকে বিমান সংযোগৰ লগতে ৭৫০ কিলোমিটাৰ ৰাস্তা বৰ্ডাৰ ৰোডছে এই তিনি বছৰত নিৰ্মাণ কৰিছে বুলি জানিবলৈ দিয়ে।
তেওঁ লগতে মাদক দ্ৰব্য সৰবৰাহ (Drugs smuggling) হোৱা ভাৰত-ম্যানমাৰ সীমান্তৰ সোণালী ত্ৰিভুজ (Golden Triangle)ৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ কথা উল্লেখ কৰে।
কলিতাই উগ্ৰপন্থী সংগঠনবিলাকে জনতাৰ মাজত সম্প্ৰতি গ্ৰহণযোগ্যতা হেৰুৱাই পেলোৱা বুলি প্ৰকাশ কৰি কয়- ''আলফাত বিগত কিছুদিনত যোগদান বৃদ্ধি পাইছে, সামাজিক মাধ্যমৰ বাবে এই যোগদান বৃদ্ধি পাইছে, আলফালৈ যোৱা যুৱ প্ৰজন্মক পুনৰ মূলসুঁতিলৈ উভতি আহিবলৈ আহ্বান জনাইছোঁ। পৰেশ বৰুৱাই টিভিত সাক্ষাৎকাৰ দি আছে, ময়ো চাইছোঁ, এতিয়া এয়া ৰাইজে সিদ্ধান্ত লোৱা উচিত আমি আমাৰ কি ভৱিষ্যত বিচাৰোঁ। কেৱল অসমতে নহয়, অন্য ৰাজ্যসমূহতো এনেদৰে উগ্ৰপন্থী নেতাসকলে সাক্ষাৎকাৰ দি থকা দেখিছোঁ।''
অসমত যিকেইখন জিলাৰ পৰা AFSPA আঁতৰাই দিয়া হৈছে, তাৰ পৰা অতিৰিক্ত ফৰ্চ আঁতৰাই দিয়াৰ কথা জানিবলৈ দি তেওঁ অসমীয়া যুৱপ্ৰজন্মক নিজৰ comfort zoneৰ পৰা ওলাই কাম শিকাৰ আহ্বান জনায়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|