ৰঙিয়াত সহস্ৰাধিক ই-ৰিক্সা চালকৰ প্ৰতিবাদ, কিহৰ বাবে এই প্ৰতিবাদ?

News18 Assam | News18-Assam
Updated:November 12, 2020, 10:01 AM IST
ৰঙিয়াত সহস্ৰাধিক ই-ৰিক্সা চালকৰ প্ৰতিবাদ, কিহৰ বাবে এই প্ৰতিবাদ?
প্ৰশাসনৰ এনে নিৰ্দেশনাৰ বাবে ই-ৰিক্সা চালকসকলৰ যথেষ্ট লোকচান হ’ব বুলি প্ৰতিবাদকাৰীসকলে খেদ প্ৰকাশ কৰে।

প্ৰশাসনৰ এনে নিৰ্দেশনাৰ বাবে ই-ৰিক্সা চালকসকলৰ যথেষ্ট লোকচান হ’ব বুলি প্ৰতিবাদকাৰীসকলে খেদ প্ৰকাশ কৰে।

  • News18 Assam
  • Last Updated: November 12, 2020, 10:01 AM IST
  • Share this:
ৰঙিয়াত সহস্ৰাধিক ই-ৰিক্সা চালকৰ প্ৰতিবাদ। মহকুমা প্ৰশাসনে ৰঙিয়া নগৰত ই-ৰিক্সা চলোৱাৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰাৰ বিৰুদ্ধে ই-ৰিক্সা চালক সকলৰ এই প্ৰতিবাদ। এই প্ৰতিবাদী কাৰ্যসূচীত আছু আৰু চিটুৱে সহযোগ কৰে। উল্লেখ্য যে প্ৰশাসনে ৰঙিয়া নগৰৰ মুখ্য পথসমূহেৰে পুৱা দহ বজাৰ পৰা আবেলি চাৰি বজালৈ ই-ৰিক্সা চলোৱাত নিষেধাজ্ঞা জাৰি কৰিছে। এই লৈ বৃহস্পতিবাৰে নগৰখনৰ সহস্ৰাধিক ই-ৰিক্সা চালকে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰশাসনৰ এনে নিৰ্দেশনাৰ বাবে ই-ৰিক্সা চালকসকলৰ যথেষ্ট লোকচান হ’ব বুলি প্ৰতিবাদকাৰীসকলে খেদ প্ৰকাশ কৰে। ই-ৰিক্সা চালকসকলৰ এনে গুৰুতৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এনে সিদ্ধান্ত বাতিল কৰিবলৈ প্ৰতিবাদকাৰীসকলে প্ৰশাসনক দাবী জনায়।
Published by: Sanjay Kumar Das
First published: November 12, 2020, 10:01 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading