মুখ্যপৃষ্ঠা »খবৰ »অসম »‘দেউতা তই অৱসৰ লবি, ঘৰখন মই বনাম দে, তই আৰু কিমান কষ্ট কৰিবি’- পিছে ঘৰখন বনাবলৈ আৰু ঘূৰি নাহিল পুত্ৰ

‘দেউতা তই অৱসৰ লবি, ঘৰখন মই বনাম দে, তই আৰু কিমান কষ্ট কৰিবি’- পিছে ঘৰখন বনাবলৈ আৰু ঘূৰি নাহিল পুত্ৰ

দুৰ্ভগীয়া পিতৃয়ে কান্দি কান্দি ক’লে, দুৰ্লভৰ মৃত্যুৰ বাবে কেৱল অইল ইণ্ডিয়া জগৰীয়া

দুৰ্ভগীয়া পিতৃয়ে কান্দি কান্দি ক’লে, দুৰ্লভৰ মৃত্যুৰ বাবে কেৱল অইল ইণ্ডিয়া জগৰীয়া

  • Share this:
‘দেউতা তই অৱসৰ লবি, ঘৰখন মইয়ে বনাম,তই বনাব নালাগে। কিমান আৰু তই কষ্ট কৰিবি’-  পিছে ঘৰখন বনাবলৈ উভতি নাহিল পুত্ৰ। প্ৰায় ছমাহ পূৰ্বে পত্নীক হেৰুওৱা মানুহ জনে এতিয়া হেৰুৱালে পুত্ৰক। ঘৰখনৰ একমাত্ৰ পুত্ৰক হেৰুৱাই এতিয়া ভাগি পৰিছে দুৰ্লভ গগৈৰ পিতৃ। পুত্ৰৰ অকাল মৃত্যুক সহজভাবে লব পৰা নাই পিতৃ ভৱ গগৈয়ে। পিতৃৰ মতে, অইল ইণ্ডিয়াৰ ভুলৰ বাবে প্ৰাণ গ’ল দুৰ্লভৰ।



ইফালে দুৰ্ভগীয়া পিতৃয়ে কান্দি কান্দি ক’লে দুৰ্লভৰ মৃত্যুৰ বাবে কেৱল অইল ইণ্ডিয়া জগৰীয়া। আনহাতে দুৰ্লভৰ ভগ্নীয়ে ভাতৃৰ মৃত্যুত অইলক জগৰীয়া কৰি বিচাৰিলে ন্যায়।

এনেদৰেই এতিয়া বাঘজানৰ  তেল খাদত অগ্নি নিৰ্বাপন কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লোৱা অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী তথা সুদক্ষ খেলুৱৈ দুৰ্লভ গগৈৰ ঘৰত দেখিবলৈ পোৱা গৈছে দুৰ্ভগীয়া পিতৃ, পত্নী, সন্তান আৰু ভগ্নীৰ কৰুণ আৰ্তনাদ। শুনা গৈছে কেৱল কান্দোনৰ ৰোল।

শেহতীয়া বাতৰি