মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন হ’ল বাঘজানৰ অগ্নিকাণ্ডত মৃত্যুক সাৱটি লোৱা দুলৰ্ভ গগৈ আৰু তিখেশ্বৰ গোহাঁইৰ 

ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন হ’ল বাঘজানৰ অগ্নিকাণ্ডত মৃত্যুক সাৱটি লোৱা দুলৰ্ভ গগৈ আৰু তিখেশ্বৰ গোহাঁইৰ 

বাঘজানৰ বিদ্‍ংসী অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছিল দুয়োজনে।

বাঘজানৰ বিদ্‍ংসী অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছিল দুয়োজনে।

  • Share this:
মঙলবাৰে বাঘজান তেল খাদত সংঘটিত হোৱা অগ্নিকাণ্ডত মৃত্যুক সাৱটি লোৱা তিষেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈৰ নশ্বৰ দেহ বুধবাৰে নিশা দুয়োৰে বাসগৃহত আহি পোৱাৰ পিছতেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

প্ৰথমে দুয়ো গৰাকীৰ নশ্বৰদেহ লৈ যোৱা হয় অইলৰ শ্ৰমিক কাৰ্য্যলয়লৈ আৰু তাতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝা, আৰক্ষী অধীক্ষক সুৰজিৎ টিৰ লগতে অইলৰ শ্ৰমিক সকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতেই তিখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈক দুলীয়াজানৰ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যলয়ৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত  তিষেশ্বৰ গোহাঁইক টিপলিং শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়।

আনহাতে দুৰ্লভৰ মৃতদেহ পোনে পোনে লৈ অনা হয় নামৰূপলৈ। নামৰূপ সাৰকাৰখানাৰ উদ্যোগিক আৱাস গৃহত যাৱতীয় নীতি নিয়ম কৰাৰ পিছত শ্ৰদ্ধাঞ্জলিৰ বাবে লৈ যোৱা হয় নামৰূপ গান্ধী মৈদামলৈ, সেই ঠাইত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দুলৰ্ভৰ সৰ্তীথ সকলৰ লগতে বিভিন্ন দল সংগঠনে। পিছত দুৰ্লভৰ শেষকৃত্য সম্পন্ন কৰা হয় নামৰূপৰ দিল্লী গাঁৱত থকা তেওঁৰ নিজা বাসগৃহত।

শেহতীয়া বাতৰি