চৌদিশে দুৰ্গা পূজাৰ উখল–মাখল পৰিৱেশ, আজি ষষ্ঠী

ষষ্ঠী উপলক্ষে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ উছাহৰ ঢল পৰিলক্ষিত হৈছে।

News18-Assam
Updated:October 4, 2019, 9:27 AM IST
চৌদিশে দুৰ্গা পূজাৰ উখল–মাখল পৰিৱেশ, আজি ষষ্ঠী
ষষ্ঠী উপলক্ষে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ উছাহৰ ঢল পৰিলক্ষিত হৈছে।
News18-Assam
Updated: October 4, 2019, 9:27 AM IST
আজি ষষ্ঠী। বেদীত প্ৰতিষ্ঠা কৰা হ’ব দেৱী দুৰ্গাক। বেলবৰণৰ পিছতে বেদীত প্ৰতিষ্ঠা কৰা হ’ব দেৱী দুৰ্গাক। ঢাক, ঢোল, দবা, কাঁহ, শংখধ্বনি, উৰুলি তথা দেৱী বন্দনাৰে মুখৰিত হৈ পৰিব প্ৰতিখন পূজাথলী। পঞ্জিকা অনুসৰি পুৱা ৯ বাজি ১৪ মিনিট ১৭ ছেকেণ্ডৰ ভিতৰত দেৱীৰ ষষ্ঠ্যাদি কল্পাৰম্ভ। সন্ধিয়া হ'ব দেৱী দুৰ্গাৰ আমন্ত্ৰণ আৰু অধিবাস। আজি কাত্যায়নী ৰূপত সমাপন হ'ব মহিষমৰ্দিনী দেৱী দুৰ্গাৰ পূজা।

ষষ্ঠী উপলক্ষে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ উছাহৰ ঢল পৰিলক্ষিত হৈছে। দুৰ্গতিনাশিনীক পূজিবলৈ সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী। ইপিনে ব্যতিক্ৰমী তথা আকৰ্ষণীয় দেৱীৰ প্ৰতিমা আৰু পেণ্ডেলৰ চমক দিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে প্ৰতিখন পূজা কমিটীয়ে। এইবাৰ ঘোঁৰাত আগমন ঘটিছে দেৱী দুৰ্গাৰ। ঘোঁৰাত আহি ঘোঁৰাতে গমন কৰিব দেৱীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি