গ্ৰাহকক আকৰ্ষিত কৰাৰ কৌশল, দুৰ্গা পূজাৰ প্ৰাকক্ষণত ব্যৱসায়ীক প্ৰতিষ্ঠানত আকৰ্ষণীয় অ’ফাৰ, পিছে নাই গ্ৰাহকহে!

News18 Assam | News18-Assam
Updated:September 19, 2020, 9:43 AM IST
গ্ৰাহকক আকৰ্ষিত কৰাৰ কৌশল, দুৰ্গা পূজাৰ প্ৰাকক্ষণত ব্যৱসায়ীক প্ৰতিষ্ঠানত আকৰ্ষণীয় অ’ফাৰ, পিছে নাই গ্ৰাহকহে!
কেইবামাহ ধৰি ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ থকাৰ পিছত শেহতীয়াকৈ আনল’ক আৰম্ভ হ’ল যদিও ব্যৱসায় মন্দা চলিছে অধিকাংশতে।

কেইবামাহ ধৰি ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ থকাৰ পিছত শেহতীয়াকৈ আনল’ক আৰম্ভ হ’ল যদিও ব্যৱসায় মন্দা চলিছে অধিকাংশতে।

  • News18 Assam
  • Last Updated: September 19, 2020, 9:43 AM IST
  • Share this:
কেইবামাহ ধৰি ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ থকাৰ পিছত শেহতীয়াকৈ আনল’ক আৰম্ভ হ’ল যদিও ব্যৱসায় মন্দা চলিছে অধিকাংশতে। শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত গ্ৰাহকৰ অপেক্ষাত সময় পাৰ কৰিব লগীয়া হৈছে অধিকাংশ ব্যৱসায়ীয়ে। দোকান, শ্বপিং মল ক’তোৱেই নাই গ্ৰাহকৰ ভিৰ। কোভিড19ৰ সংক্ৰমণৰ সমান্তৰালকৈ অব্যাহত আছে ব্যৱসায়ীসকলৰ দুৰ্দিন!

দুৰ্গাপূজালৈ প্ৰায় এমাহ বাকী। পূৰ্বৰ দৰে ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহত নাই কোনো ভিৰ। যোৰহাটৰ অন্যতম কাপোৰৰ বিক্ৰী প্ৰতিষ্ঠান চিল্কালয়ত ডিচকাউন্ট দিয়াৰ পিছতে ইয়াত গ্ৰাহকৰ ব্যাপক ভিৰ দেখিবলৈ পোৱা যায়। কিন্তু এইবাৰ চিল্কালয়ত ৰেহাই মূল্যত কাপোৰ বিক্ৰী কৰি থকাৰ পিছতো নাই গ্ৰাহকৰ ভিৰ। একাংশ ব্যৱসায়ীৰ মতে কাপোৰ কিনিবলৈ বৰ্তমান গ্ৰাহকসকল অধিক আগ্ৰহী নহয়।

‘মানুহৰ হাতত বৰ্তমান ধনৰ অভাৱ। আৰু কাপোৰ অত্যাৱশ্যকীয় সামগ্ৰী নহয়। গতিকে মানুহে কাপোৰক বৰ্তমান বিশেষ গুৰুত্ব দিয়া নাই। এইবাৰ দুৰ্গাপূজাতো এই পৰিৱেশ সলনি নহয়। ব্যৱসায় মন্দা হোৱাটো নিশ্চিত। ", চিল্কালয়ৰ এগৰাকী স্বত্বাধিকাৰী অৰবিন্দয়ে এনেদৰে কয়।

আনহাতে অধিকাংশ কাপোৰৰ দোকানত ব’হাগ বিহুৰ বাবে অনা কাপোৰেই বিক্ৰী নহ’ল। গ্ৰাহকৰ অভাৱৰ বাবে এইবাৰ পূজাৰ বাবে নতুন সামগ্ৰী অনাৰ ৰিস্ক ল’বলৈয়ো ভয় কৰিছে ব্যৱসায়ীসকলে। কাৰণ পূজাৰ পিছতে আৰম্ভ হ’ব শীতকাল।

" ব্যৱসায় একদম বেয়া। গ্ৰাহক নাই। বিহুৰ বাবে অনা ষ্টোক আছেই। পূজাৰ বাবে নতুন কাপোৰ আনোনে নাই তাক লৈ আমি চিন্তাত পৰিছো। কাৰণ এইবাৰ পূজাৰ বজাৰো মন্দা হোৱাৰ সম্ভাৱনাই বেছি। ", নগৰৰ বালিবাটৰ ব্যৱসায়ী পাপু বিষ্ণয়ে এনেদৰে কয়।

আনহাতে গ্ৰাহকসকলক আকৰ্ষিত কৰিবলৈ বহু ব্যৱসায় প্ৰতিষ্ঠানে আগবঢ়াইছে আকৰ্ষণীয় অফাৰ।  বৰ্তমান শ্বপিঙ মলসমূহকে ধৰি বহু ব্যৱসায় প্ৰতিষ্ঠানত দি থকা হৈছে বিশেষ ৰেহাই। বহু সামগ্ৰীত দিয়া হৈছে হেভি ডিছকাউন্ট। কিন্তু তথাপিও ভিৰ নাই গ্ৰাহকৰ। গ্ৰাহকৰ অভাৱত সমগ্ৰ বছৰটোৱেই এটা মন্দা বছৰ ৰূপে পৰিগণিত হ’বলৈ গৈ আছে।

" আমাৰ বহু ব্ৰেণ্ডেড সামগ্ৰীত আকৰ্ষণীয় ৰেহাই দি থকা হৈছে। কিন্তু তথাপিও গ্ৰাহকৰ সংখ্যা বহু কম। আশা কৰিছো অক্টোবৰ মাহৰ পৰা এই পৰিৱেশৰ কিছু সলনি হ’ব। আমাৰ নতুন সামগ্ৰীও আহিব। ", যোৰহাটৰ বৃহৎ ব্যৱসায় প্ৰতিষ্ঠান 'ৰাগা'ৰ এগৰাকী পৰিচালকে এনেদৰে কয়।
Published by: Himangshu Bhuyan
First published: September 19, 2020, 9:43 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি