• Home
  • »
  • News
  • »
  • assam
  • »
  • নৱৰাত্ৰি উপলক্ষে কামাখ্যা দেৱালয়ত কুমাৰী পূজা, উখল–মাখল শক্তিপীঠ

নৱৰাত্ৰি উপলক্ষে কামাখ্যা দেৱালয়ত কুমাৰী পূজা, উখল–মাখল শক্তিপীঠ

মহালয়াৰ পাছদিনাৰ পৰা আজিৰে পৰা নৱৰাত্ৰি। নৱৰাত্ৰিৰ প্ৰথমটো দিনত দেৱালয়ত আৰম্ভ হৈছে কুমাৰী পূজাৰ পৰ্ব।

  • Share this:
বিগত ১৯ ছেপ্টেম্বৰৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হৈছে পষেকীয়া দুৰ্গোৎসৱ। এই পষেকীয়া দুৰ্গোৎসৱৰ মাজেৰে কামাখ্যা দেৱালয়ত অনুষ্ঠিত হৈ আহিছে বিভিন্ন পূজা-অৰ্চনা। এইসমূহৰ ভিতৰত মহালয়াৰ দিনটোলৈকে দেৱালয়ত অনুষ্ঠিত হয় পিতৃপক্ষৰ পূজা। এই পূজাৰ জৰিয়তে বিভিন্নজনে নিজৰ পূৰ্বপুৰুষসকলৰ বাবে পূজা আগবঢ়ায়।

মহালয়াৰ পাছদিনাৰ পৰা আজিৰে পৰা নৱৰাত্ৰি। নৱৰাত্ৰিৰ প্ৰথমটো দিনত দেৱালয়ত আৰম্ভ হৈছে কুমাৰী পূজাৰ পৰ্ব। এই পৰ্ব অনুসৰি নৱৰাত্ৰিৰ প্ৰথমটো দিনত এগৰাকী কুমাৰীক লৈ পূজা কৰা হয়।

ঠিক সেইদৰে দ্বিতীয় দিনা দুগৰাকী কুমাৰীক লৈ পূজা কৰাৰ বিপৰীতে তৃতীয় দিনা তিনিগৰাকী কুমাৰীক লৈ পূজা কৰা হয়।  এইদৰে প্ৰত্যেক দিনা এগৰাকীকৈ কুমাৰী বৃদ্ধিৰে নৱমীলৈকে পূজা অব্যাহত থাকিব। উল্লেখ্য যে, এই সমগ্ৰ প্ৰক্ৰিয়াটোত সৰ্বমুঠ ৪৫গৰাকী কুমাৰীক লৈ কুমাৰী পূজা সম্পন্ন কৰা হ’ব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি