কোভিড প্ৰটকল মানি শিৱসাগৰৰ ঐতিহাসিক দেৱীদৌলত দুৰ্গা পূজা

News18 Assam | News18-Assam
Updated:October 22, 2020, 1:13 PM IST
কোভিড প্ৰটকল মানি শিৱসাগৰৰ ঐতিহাসিক দেৱীদৌলত দুৰ্গা পূজা
দুৰ্গা পূজাৰ সময়ত এই দেৱীদৌলত আন এক ভক্তিৰ পৰিৱেশ দেখা যায়।

দুৰ্গা পূজাৰ সময়ত এই দেৱীদৌলত আন এক ভক্তিৰ পৰিৱেশ দেখা যায়।

  • Share this:
কোভিড আতংকৰ মাজতে শিৱসাগৰৰ ঐতিহাসিক দেৱীদৌলত অনুষ্ঠিত কৰা হ'ব শাৰদীয় দুৰ্গা পূজা। চৰকাৰী নীতি–নিৰ্দেশনা পালি, কোভিড প্ৰটকল মানি অনুষ্ঠিত কৰা হ'ব দেৱীদৌলৰ দুৰ্গা পূজা। ২৮৬ বছৰীয়া এক ইতিহাসেৰে সমৃদ্ধ শিৱসাগৰৰ এই দেৱীদৌল।

১৭৩৪ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা অম্বিকাই এটা বৃহৎ পুখুৰী খন্দোৱাই তাৰ পাৰত নিৰ্মাণ কৰাইছিল তিনিটা দৌল। শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল।তেতিয়াৰে পৰা এতিয়ালৈকে শিৱদৌল আৰু দেৱীদৌলত দৈনিক পূজা-অৰ্চনা অব্যাহত আছে।

এইবাৰ দুৰ্গা পূজাত দেৱীদৌলত ভক্তৰ বাবে বন্ধ থাকিব বলি–বিধান। অৱশ্যে সপ্তমী, অষ্টমী আৰু নৱমীত পৰম্পৰা ৰক্ষা কৰি সম্পন্ন কৰা হ'ব বলিকাৰ্য। ভক্তসকলে বলিৰ বাবে হাঁহ, পাৰ, ছাগলী আদি উছৰ্গা কৰিব পাৰিব। দেৱীৰ বাবে উছৰ্গা কৰা সামগ্ৰী ইচ্ছা কৰিলে ভক্তসকলে ঘৰলৈ লৈ যাব পাৰিব অথবা এৰি যাব পাৰিব দৌল চৌহদত।

উল্লেখ্য যে, দুৰ্গা পূজাৰ সময়ত এই দেৱীদৌলত আন এক ভক্তিৰ পৰিৱেশ দেখা যায়। উপস্থিত হয় দেশ–বিদেশৰ হাজাৰ হাজাৰ ভক্ত। জনতাই এক জাগ্ৰত দৌল বুলি বিশ্বাস কৰা ঐতিহাসিক দেৱীদৌলত এইবাৰ অৱশ্যে দেখা নাযাব ভক্তৰ ভিৰ।
Published by: Sanjay Kumar Das
First published: October 22, 2020, 1:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading