এইবাৰ কেনেদৰে পুজা অনুষ্ঠিত হ’ব যোৰহাটৰ ঐতিহ্যমণ্ডিত বুঢ়ী গোঁসানী দেৱালয়ত?

জনসাধাৰণৰ মাজত এই দেৱালয়ৰ প্ৰতি আছে অগাধ বিশ্বাস। সেয়েহে বিদেশৰ পৰাও এই শক্তিপীঠলৈ দুৰ্গা পূজাৰ দিনকেইটাত আগমন ঘটে ভক্তসকলৰ।
জনসাধাৰণৰ মাজত এই দেৱালয়ৰ প্ৰতি আছে অগাধ বিশ্বাস। সেয়েহে বিদেশৰ পৰাও এই শক্তিপীঠলৈ দুৰ্গা পূজাৰ দিনকেইটাত আগমন ঘটে ভক্তসকলৰ।
- News18 Assam
- Last Updated: October 22, 2020, 2:10 PM IST
ঐতিহ্য আৰু লোকবিশ্বাস :
অসমৰ ভিতৰতে এখন অন্যতম ঐতিহ্যমণ্ডিত শক্তিপীঠ হৈছে যোৰহাটৰ গড়আলিৰ সমীপৰ বুঢ়ী গোঁসানী দেৱালয়। ১৭৯৪ চনত আহোমৰ শেষ ৰাজধানী যোৰহাটত স্থাপন কৰা সময়তে যোৰহাটত প্ৰতিষ্ঠা কৰা হৈছিল এই দেৱালয়। আহোম ৰজা ৰুদ্ৰ সিংহই জয়ন্তীয়া ৰজাক যুদ্ধত হৰুৱাই দেৱীক গড়গাঁওস্থিত ৰাজধানীত প্ৰতিষ্ঠা কৰিছিল। বিশ্বাস আছিল যে এই দেৱীক আগত লৈ যুদ্ধলৈ গ’লে যুদ্ধ জয়ী হয়। ১৭৯৪ চনৰ পৰা বিগত ২২৬ বছৰ ধৰি এই দেৱালয়ত নিতৌ পূজা–অৰ্চনা কৰি অহা হৈছে। তাৎপৰ্যপূৰ্ণ ভাৱে এই দেৱালয়ত প্ৰতিমা নাই। এক অন্যতম শক্তি পীঠ ৰূপে পৰিচিত এই দেৱালয়।
এইবাৰ দেৱালয়ত কেনেদৰে অনুষ্ঠিত হ’ব পুজা :
কোভিড পৰিস্থিতিৰ বাবে এইবাৰ যোৰহাটৰ ঐতিহ্যমণ্ডিত বুঢ়ী গোসানী দেৱালয়ত দেখা পোৱা নাযাব পূৰ্বৰ পৰিৱেশ। দৈনিক হাজাৰ হাজাৰ লোকে ভিৰ কৰা এই দেৱালয়ত এইবাৰ সালসলনি ঘটোৱা হৈছে বহু নিয়মৰ। দেৱালয় চৌহদত এবাৰত পঞ্চাশ গৰাকী লোককহে প্ৰৱেশ কৰিবলৈ দিয়া হ’ব। সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। আনহাতে পূৰ্বৰ দৰে চাকি-বন্তি জ্বলাব নোৱাৰিব। তাৰ পৰিৱৰ্তে দেৱালয়ৰ নিৰ্দিষ্ট স্থানত থোৱা কেইগছিমান চাকিত তেল দিব পাৰিব ভক্তসকলে। এইবাৰ দেৱালয়ত শৰাই লোৱা নহয় তথা শৰাইৰ সামগ্ৰী তথা নিৰ্মালিও লোৱা নহয়।
"কোভিড–১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ দেৱালয়ত ভক্তৰ সমাগমৰ ক্ষেত্ৰত বহুখিনি নিয়ম বলৱৎ কৰা হৈছে। এইবাৰ শৰাই লোৱা নহয় তথা বলিৰ বাবে উৎসৰ্গাও লোৱা নহয়। ভক্তসকলে নিৰ্দিষ্ট স্থানত থোৱা চাকিত তেলহে দিব পাৰিব। এবাৰত চৌহদত ৫০ গৰাকী ভক্তহে প্ৰৱেশ কৰিব পাৰিব", বুঢ়ীগোঁসানী দেৱালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত বৰুৱাই এনেদৰে কয়।
ইতিমধ্যে দেৱালয়ৰ সৈতে জড়িত লোকসকলৰ কোভিড পৰীক্ষা হৈ গৈছে। দেৱালয়ত কৰা হৈছে ছেনিটাইজেছনৰ ব্যৱস্থা। মুঠৰ ওপৰত এইবাৰ পূজাত এক সুকীয়া অভিজ্ঞতাৰ সন্মুখীন হ’ব সকলো।