দেৱী দুৰ্গাৰ ৯টা ৰূপ ধাৰণ কৰি নিজ গৃহৰ পৰাই কোৰোণা কালত দেৱীক আৰাধনা ডিব্ৰুগড়ৰ এগৰাকী যুৱতীৰ। কোভিড-19ৰ নীতি নিৰ্দেশনা আৰু প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত প্ৰায় ম্লান পৰিছে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উৎসাহ। কোৰোণা আতংকৰ মাজতেই সকলোৱে নিজ নিজ ভাবে দুৰ্গা দেৱীক আৰাধনা কৰিছে। তাৰ মাজতে দেৱীৰ এগৰাকী ভক্তই নিজ ঘৰত থাকিয়েই দেৱী দুৰ্গাৰ ৯টা-ৰূপৰ জৰিয়তে কৰিছে ভক্তি আৰাধনা।
বিপদ কালত দেৱীয়ে বিভিন্ন ৰূপ ধাৰণ কৰি ভক্তক ৰক্ষা কৰি আহিছে। আদি শক্তি, জগত জননী মা দুৰ্গাৰ শাস্ত্ৰ অনুযায়ী, ভগৱতী দুৰ্গা দেৱীৰ ৯টা ৰূপ পোৱা যায়। শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী।এই ন-ৰূপৰ জৰিয়তে ভক্তক দেৱী দুৰ্গাই বিভিন্ন সময়ত আৰ্শীবাদ কৰি অহা বুলিও শাস্ত্ৰত উল্লেখ আছে।
এইবাৰ ভয়াবহ কোভিড-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্গা পূজাৰ উদযাপনৰ ক্ষেত্ৰত কঠোৰ নীতি-নিৰ্দেশনা প্ৰদান কৰাৰ বাবে পূৰ্বৰ দৰে নাই উৎসাহ-উদ্দীপনা। ডিব্ৰুগড়ৰ নাভিয়া ভিৰদি নামৰ এইগৰাকী দেৱী ভক্ত যুৱতীয়ে নিজ ঘৰতেই দেৱীৰ ৯ ৰূপৰ সাজ-সজ্জা পৰিধান, অংকন কৰি ধাৰণ কৰিছে দুৰ্গাৰ বিভিন্ন ৯ ৰূপ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|