• Home
  • »
  • News
  • »
  • assam
  • »
  • মৃন্ময় প্ৰতিমা নহয়, 3D ফটোৰে দুৰ্গা দেৱীক উপাসনা, পিছে ক’ত?

মৃন্ময় প্ৰতিমা নহয়, 3D ফটোৰে দুৰ্গা দেৱীক উপাসনা, পিছে ক’ত?

অব্যাহত আছে কোৰোণাৰ সংক্ৰমণ। আগতকৈ কিছু পৰিস্থিতি স্বাভাৱিক হৈছে যদিও এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে উদযাপন কৰিব লাগিব শাৰদীয় দুৰ্গা পূজা।

  • Share this:
অব্যাহত আছে কোৰোণাৰ সংক্ৰমণ। আগতকৈ কিছু পৰিস্থিতি স্বাভাৱিক হৈছে যদিও এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে উদযাপন কৰিব লাগিব শাৰদীয় দুৰ্গা পূজা। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে জাৰি কৰিছে বহু নীতি-নিৰ্দেশনা।

ইফালে দেশৰ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ নাই আগৰ দৰে পূজাৰ উচাহ। কেৱল মাত্ৰ পৰম্পৰাগত নিয়ম নীতিৰ মাজেৰেই এইবাৰ সম্পন্ন হ’ব পূজা। এইবাৰৰ দুৰ্গা পূজাত দেখা নাযাব বৃহৎ বৃহৎ চকুত লগা মণ্ডপ। বহু পূজা মণ্ডপত এইবাৰ দেখা যাব মাত্ৰ দুই-তিনি ফুট উচ্চতাৰ প্ৰতিমা। লগতে বহু পূজা মণ্ডপত এইবাৰ হ’ব কেৱল ‘ঘট পূজা’।

তাৰ মাজতে ডিব্ৰুগড়ৰ এখন ব্যতিক্ৰমী পূজাই এইবাৰ দৃষ্টি আকৰ্ষণ কৰিব বহুতৰে। ডিব্ৰুগড় চহৰৰ এখন পূজাস্থলীত দেখা যাব দূৰ্গাদেৱীৰ বৃহৎ 3D ছবি। প্ৰতিমাৰ সলনি দুৰ্গাদেৱীৰ 3D ছবিতে পুৰোহিতে কৰিব পুজা। ডিব্ৰুগড়ৰ কালীবাৰীত অৱস্থিত ২০০ বছৰতকৈ অধিক পুৰণি কালী মন্দিৰৰ পুজাত দেখা যাব প্ৰায় ১৫ফুট উচ্চতাৰ দেৱী দুৰ্গাৰ 3D ফটো।

প্ৰতিমাৰ সলনি স্থাপন কৰিবলগীয়া এই ফটোতেই সম্পূৰ্ণ বৈদিক নীতি নিয়মৰ মাজেদিয়েই কৰা হ’ব দুৰ্গা পূজা। এই ব্যতিক্ৰমী পূজা ভাগে এতিয়া আকৰ্ষিত কৰিছে বহু ভক্তক।
Published by:Himangshu Bhuyan
First published: