উল্লেখযোগ্য যে, বিগত ১৯ ছেপ্টেম্বৰৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হৈছে পষেকীয়া দুৰ্গোৎসৱ। এই পষেকীয়া দুৰ্গোৎসৱৰ মাজেৰে কামাখ্যা দেৱালয়ত অনুষ্ঠিত হৈ আহিছে বিভিন্ন পূজা-অৰ্চনা। আজি নৱৰাত্ৰীৰ অষ্টমটো দিনত দেৱালয়ত আৰম্ভ হৈছে কুমাৰী পূজাৰ পৰ্ব। এই পৰ্ব অনুসৰি নৱৰাত্ৰীৰ আজি অষ্টম দিনত আঠগৰাকী কুমাৰীক লৈ পূজা কৰা হৈছে। কাইলৈ নৱমীৰ দিনা সামৰণি পৰিব কুমাৰী পূজা পৰ্ব। কাইলৈ নগৰাকী কুমাৰীক কৰা হ'ব পূজা-অৰ্চনা।
নৱৰাত্ৰিৰ আৰম্ভণিৰ পৰা প্ৰত্যেক দিনা এগৰাকীকৈ কুমাৰী বৃদ্ধিৰে নৱমীলৈকে পূজা চলি থাকিব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত সৰ্বমুঠ ৪৫গৰাকী কুমাৰীক লৈ কুমাৰী পূজা সম্পন্ন কৰা হয়।