জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়াৰ বাসগৃহত এইবাৰো উলহ মালহেৰে আয়োজন কৰা হৈছে দুৰ্গা পূজাৰ। পৰম্পৰা অনুসৰি প্ৰতি বছৰে অভিনেত্ৰীগৰাকীৰ ঘৰত কৰা হয় দুৰ্গা পূজাৰ বিশেষ আয়োজন। নিজৰ বাসগৃহত আয়োজন কৰা পূজালৈ ফেচবুক একাউণ্টৰ জৰিয়তে সকলোকে জনালে আমন্ত্ৰণ।
উল্লেখযোগ্য যে, অভিনেত্ৰীগৰাকীৰ বাসগৃহত আয়োজন কৰা এই পূজা হৈছে মহানগৰৰ প্ৰাচীনতম ব্যক্তিগত দুৰ্গা পূজা। বৰষাৰ পিতৃ তথা চলচিত্ৰ পৰিচালক অশোক কুমাৰ বিষয়া এতিয়া ধ্বজা বাহক, বিষয়া পৰিয়ালে ১৯ শতিকাৰ ৩০ দশকতে আৰম্ভ কৰা এই পূজা ভাগৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|