জিলাপী, আমেঠী, খুৰ্মা আদি নানা তৰহৰ মিঠাইৰ মূল্য হৈছেগৈ প্ৰতি কিলোত ১৪০ টকা । ঠাই ভেদে কৰবাত যদি ১৬০ টকা হৈছে মিঠাইৰ দাম, কৰবাত ১২০ টকাতো বিক্ৰী হৈছে।
জিলাপী, আমেঠী, খুৰ্মা আদি নানা তৰহৰ মিঠাইৰ মূল্য হৈছেগৈ প্ৰতি কিলোত ১৪০ টকা । ঠাই ভেদে কৰবাত যদি ১৬০ টকা হৈছে মিঠাইৰ দাম, কৰবাত ১২০ টকাতো বিক্ৰী হৈছে।
দুৰ্গা পূজাত মিঠাই খোৱাৰ আনন্দই সুকীয়া । কিন্তু বহু লোকে কম-বেছি পৰিমাণে বঞ্চিত হৈছে এই আনন্দৰ পৰা । কিয়নো সকলো বস্তুৰ আকাশলংঘী মূল্যই প্ৰভাৱিত কৰিছে মিঠাইৰ ব্যৱসায়ীক ক্ষেত্ৰখনকো। ব্যতিক্ৰম নহয় ৰঙিয়াতো।
পেট্ৰ'লে চেঞ্চুৰী মৰাৰ নিচিনাকৈ পূজাৰ মিঠাইয়ো মাৰিলেগৈ চেঞ্চুৰী । জিলাপী, আমেঠী, খুৰ্মা আদি নানা তৰহৰ মিঠাইৰ মূল্য হৈছেগৈ প্ৰতি কিলোত ১৪০ টকা । ঠাই ভেদে কৰবাত যদি ১৬০ টকা হৈছে মিঠাইৰ দাম, কৰবাত ১২০ টকাতো বিক্ৰী হৈছে। ব্যৱসায়ীসকলে জানিবলৈ দিয়া মতে মিঠাই প্ৰস্তুত কৰা সা-সামগ্ৰী বোৰৰ অত্যাধিক মূল্যৰ বাবেই বঢ়াব লগা হৈছে মিঠাইৰ দাম । মিঠাইৰ দাম বঢ়াৰ বাবেই বহুতে মিঠাই কিনিবলৈ নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে । যাৰ ফলত মিঠাইৰ ক্ৰেতাৰ সংখ্যা লক্ষ্যণীয় ভাৱে হ্ৰাস পাইছে । চৰা দামে পূজাৰ মিঠাই খোৱাৰ আনন্দত কিছু পৰিমাণে ম্লান পেলাইছে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|