দেৱী দুৰ্গাৰ দেহত হাজাৰ হাজাৰ টেবলেট–বেজী, ক’ত এই ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা?

News18 Assam | News18-Assam
Updated:October 16, 2020, 6:40 PM IST
দেৱী দুৰ্গাৰ দেহত হাজাৰ হাজাৰ টেবলেট–বেজী, ক’ত এই ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা?
ঔষধৰ দোকানৰ ম্যাদ উকলি যোৱা টেবলেট,কেপচুল,ইনজেকচন আদিৰে অৱসৰ সময়ত কাম কৰি সাজি উলিয়ালে দেৱী দুৰ্গাৰ মুৰ্তি।

ঔষধৰ দোকানৰ ম্যাদ উকলি যোৱা টেবলেট,কেপচুল,ইনজেকচন আদিৰে অৱসৰ সময়ত কাম কৰি সাজি উলিয়ালে দেৱী দুৰ্গাৰ মুৰ্তি।

  • Share this:
ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট ধুবুৰীৰ এজন শিল্পীৰ। এই বছৰৰ দুৰ্গা পূজাত অভিনৱ প্ৰয়াস। সঞ্জীৱ বসাক নামৰ শিল্পীজনে কোৰোণা কালতো দুৰ্গা পূজাত ৰাইজক আনন্দ দিবলৈ চলাই গৈছে অক্লান্ত পৰিশ্ৰম।

পেছাত চৰকাৰী চাকৰি কৰা শিল্পীজনে কোভিডৰ কৰ্তব্য কৰি আছে বিগত ছমাহৰ পৰা। কোভিডৰ কৰ্তব্য কৰি কৰি কেৱল ঔষধৰ দোকানত মানুহৰ ভিৰে নতুন শিল্পকলা সৃষ্টিত অনুপ্ৰেৰণা পাইছে বুলি জনালে সঞ্জীৱে।

সেয়ে ঔষধৰ দোকানৰ ম্যাদ উকলি যোৱা টেবলেট,কেপচুল,ইনজেকচন আদিৰে অৱসৰ সময়ত কাম কৰি সাজি উলিয়ালে দেৱী দুৰ্গাৰ মুৰ্তি। কেইবা হাজাৰ টেবলেট, কেপচুল, ইনজেকচন আদিৰে প্ৰায় দুমাহ ধৰি নিশা নিশা পৰিশ্ৰম কৰি প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে সঞ্জীৱ বসাক।

শিল্পী সঞ্জীৱৰ আশা, কোভিড প্ৰটকল মানি ধুবুৰী চহৰৰ যিকোনো এখন দুৰ্গা মণ্ডপত তেওঁৰ এই শিল্পকলাই স্থান লাভ কৰিব। ইতিমধ্যে ধুবুৰী আৰক্ষী ছাউনীৰ দুৰ্গা পূজা কমিটীৰ লগত শিল্পীজনৰ প্ৰাথমিক কথা–বতৰা আৰম্ভ হৈছে। এই অভিনৱ দুৰ্গা প্ৰতিমা যি ঠাইতে স্থান নাপাওঁক কিয় শিল্পীজনৰ এই অভিনৱ প্ৰয়াস সচাই প্ৰশংসনীয়।
Published by: Sanjay Kumar Das
First published: October 16, 2020, 6:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading