• Home
  • »
  • News
  • »
  • assam
  • »
  • দুৰ্গা পূজা সমাগত, বাসুগাঁৱৰ এগৰাকী শিল্পীয়ে কলম–পেঞ্চিলেৰে নিৰ্মাণ কৰিছে আকৰ্ষণীয় দুৰ্গা প্ৰতিমা

দুৰ্গা পূজা সমাগত, বাসুগাঁৱৰ এগৰাকী শিল্পীয়ে কলম–পেঞ্চিলেৰে নিৰ্মাণ কৰিছে আকৰ্ষণীয় দুৰ্গা প্ৰতিমা

গুৱাহাটীৰ ছাত্ৰীবাৰীত আয়োজিত দুৰ্গোৎসৱৰ বাবে শিল্পী সঞ্জয় চন্দই প্ৰস্তুত কৰি উলিয়াইছে এই ব্যতিক্ৰমী প্ৰতিমা৷

গুৱাহাটীৰ ছাত্ৰীবাৰীত আয়োজিত দুৰ্গোৎসৱৰ বাবে শিল্পী সঞ্জয় চন্দই প্ৰস্তুত কৰি উলিয়াইছে এই ব্যতিক্ৰমী প্ৰতিমা৷

গুৱাহাটীৰ ছাত্ৰীবাৰীত আয়োজিত দুৰ্গোৎসৱৰ বাবে শিল্পী সঞ্জয় চন্দই প্ৰস্তুত কৰি উলিয়াইছে এই ব্যতিক্ৰমী প্ৰতিমা৷

  • Share this:
সমাগত দুৰ্গোৎসৱ৷ ন ন ৰূপত প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ  পৰিছে শিল্পীসকল৷ বাসুগাঁৱৰ শিল্পী সঞ্জয় চন্দই কলম আৰু পেঞ্চিলৰ সহায়ত আকৰ্ষণীয় ৰূপত সাজি উলিয়াইছে  দুৰ্গা প্ৰতিমা৷ প্ৰায় ১৭ পৰা ১৮ হাজাৰ কলম আৰু পেঞ্চিল ব্যৱহাৰ কৰি এইবাৰ সাজি উলিওৱা হৈছে দুৰ্গা প্ৰতিমা৷

গুৱাহাটীৰ ছাত্ৰীবাৰীত আয়োজিত দুৰ্গোৎসৱৰ বাবে শিল্পী সঞ্জয় চন্দই প্ৰস্তুত কৰি উলিয়াইছে এই ব্যতিক্ৰমী প্ৰতিমা৷ একেদৰে চাউল, কাঠৰ চামুচ আৰু তালৰ পাতৰ সহায়ত শিল্পীজনে নিৰ্মাণ কৰি আছে আন এক আকৰ্ষণীয় দুৰ্গা প্ৰতিমা৷ গুৱাহাটীৰ পাণ্ডুত আয়োজিত দুৰ্গোৎসৱত মণ্ডপ শুৱনি কৰিব এই ব্যতিক্ৰমীভাৱে নিৰ্মাণ কৰা প্ৰতিমাই৷

একেদৰে বিভিন্ন গেলামালৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে আন এটা প্ৰতিমা৷ শিল্পী সঞ্জয় চন্দই নিৰ্মাণ কৰা আকৰ্ষণীয় দুৰ্গা প্ৰতিমাই ৰাজ্যৰ বিভিন্ন ঠাইৰ উপৰি চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পূজা মণ্ডপ শুৱনি কৰিব৷

ইতিমধ্যে প্ৰতিমাসমূহৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পন্ন হৈ উঠাৰ ফলত শিল্পীজনে অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে৷ বিগত সময়ত কোৰোণা মহামাৰীৰ ফলত পূজা আয়োজনত বিধি–পথালি দিয়াৰ পিছত এইবাৰ শিল্পীজনে প্ৰায় কুৰিখনৰো অধিক পূজা সমিতিৰ বাবে প্ৰতিমা নিৰ্মাণ কৰি আছে৷ ব্যতিক্ৰমী ৰূপত প্ৰতিমা নিৰ্মাণ কৰি সুখ্যাতি অৰ্জন কৰা শিল্পী চন্দই বিগত বৰ্ষসমূহত শামুক, শংখ, কাহি -বাতি, ৰাজমা, চাউল, বুটমাহ আদি সামগ্ৰীৰে দুৰ্গোৎসৱৰ প্ৰতিমা নিৰ্মাণ কৰি আহিছে৷
Published by:Sanjay Kumar Das
First published: