নগাঁৱত মচুৰ দাইলেৰে নিৰ্মাণ কৰা হৈছে মা দুৰ্গাৰ প্ৰতিমা

নামঘৰৰ আৰ্হিত নিৰ্মাণ কৰা এই পূজা মণ্ডপ নিৰ্মাণ কৰিছে অচ্যুৎ শইকীয়া নামৰ নগাঁৱৰ এগৰাকী স্থানীয় শিল্পীয়ে।

News18-Assam
Updated:September 23, 2019, 5:13 PM IST
নগাঁৱত মচুৰ দাইলেৰে নিৰ্মাণ কৰা হৈছে মা দুৰ্গাৰ প্ৰতিমা
নামঘৰৰ আৰ্হিত নিৰ্মাণ কৰা এই পূজা মণ্ডপ নিৰ্মাণ কৰিছে অচ্যুৎ শইকীয়া নামৰ নগাঁৱৰ এগৰাকী স্থানীয় শিল্পীয়ে।
News18-Assam
Updated: September 23, 2019, 5:13 PM IST
নীলোৎপল বৰা : দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন বাকী। ৰাজ্যৰ পূজা কমিটীসমূহে ন ন ৰূপত প্ৰতিমা তথা মণ্ডপসমূহ সজাই-পৰাই তোলাত ব্যস্ত হোৱা দেখা গৈছে। নগাঁও চহৰৰ হয়বৰগাঁও শণিমন্দিৰ পূজা কমিটীৰ এইবাৰ আকৰ্ষণ মচুৰ দাইলৰ দুৰ্গা প্ৰতিমা আৰু
পূজা মণ্ডপ। নামঘৰৰ আৰ্হিত নিৰ্মাণ কৰা এই পূজা মণ্ডপ নিৰ্মাণ কৰিছে অচ্যুৎ শইকীয়া নামৰ নগাঁৱৰ এগৰাকী স্থানীয় শিল্পীয়ে।

আনহাতে অচ্যুৎ শইকীয়াৰ পত্নী জ্যোতিৰাণী শইকীয়াই মা দুৰ্গাৰ প্ৰতিমা মচুৰ দাইলেৰে সুন্দৰকৈ সজাই-পৰাই তুলিছে। উল্লেখযোগ্য যে প্ৰতিমা আৰু মণ্ডপ নিৰ্মাণত প্ৰায় ৩ কুইণ্টল মচুৰ দাইলৰ প্ৰয়োজন হ'ব বুলি সাংবাদিকক জানিবলৈ দিছে শিল্পী অচ্যুৎ শইকীয়াই।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি