মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Durga Puja : দেৱী দুৰ্গাৰ দেহত হাজাৰ হাজাৰ বেজী, ক’ত এই ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা?

Durga Puja : দেৱী দুৰ্গাৰ দেহত হাজাৰ হাজাৰ বেজী, ক’ত এই ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা?

News18 Assam | News18-Assam
Updated:September 26, 2021, 10:19 AM IST
Durga Puja : দেৱী দুৰ্গাৰ দেহত হাজাৰ হাজাৰ বেজী, ক’ত এই ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা?
কোভিডৰ কৰ্তব্য কৰি কৰি কেৱল ভেকচিনক লৈ ৰাইজৰ মাজত সৃষ্টি হোৱা বিভিন্ন উৰা বাতৰিয়ে নতুন শিল্পকলা সৃষ্টিত অনুপ্ৰেৰণা পাইছে বুলি জনালে সঞ্জীৱে।

কোভিডৰ কৰ্তব্য কৰি কৰি কেৱল ভেকচিনক লৈ ৰাইজৰ মাজত সৃষ্টি হোৱা বিভিন্ন উৰা বাতৰিয়ে নতুন শিল্পকলা সৃষ্টিত অনুপ্ৰেৰণা পাইছে বুলি জনালে সঞ্জীৱে।

  • News18 Assam
  • Last Updated: September 26, 2021, 10:19 AM IST
  • Share this:
ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট ধুবুৰীৰ এজন শিল্পীৰ অভিনৱ প্ৰয়াস। এই বছৰৰ দুৰ্গা পূজাত এক বিশেষ চমক দিব শিল্পীজনে। সঞ্জীৱ বসাক নামৰ শিল্পীজনে কোৰোণা কালতো দুৰ্গা পূজাত ৰাইজক আনন্দ দিবলৈ চলাই গৈছে অক্লান্ত পৰিশ্ৰম।
পেছাত চৰকাৰী চাকৰি কৰা শিল্পীজনে কোভিডৰ কৰ্তব্যও কৰিছে বিগত সময়ত।

কোভিডৰ কৰ্তব্য কৰি কৰি কেৱল ভেকচিনক লৈ ৰাইজৰ মাজত সৃষ্টি হোৱা বিভিন্ন উৰা বাতৰিয়ে নতুন শিল্পকলা সৃষ্টিত অনুপ্ৰেৰণা পাইছে বুলি জনালে সঞ্জীৱে। কাৰণ ভেকচিন ওলোৱাৰ পিছৰ পৰাই এফালে যেনে দৰে ৰাইজৰ লানি নিচিঙা ভিৰ, ঠিক সেইদৰেই আনফালে ভেকচিনক লৈ বিভিন্ন উৰা বাতৰিত বিভ্ৰান্ত একাংশ। সেয়ে ঔষধৰ দোকানৰ ম্যাদ উকলি যোৱা ইনজেকচন চিৰিঞ্জেৰে অৱসৰৰ সময়ত কাম কৰি সাজি উলিয়ালে দেৱী দুৰ্গাৰ প্ৰতিমা।

প্ৰায় তিনি হাজাৰ  ইনজেকচনৰ খালী চিৰিঞ্জেৰে প্ৰায় দুমাহ ধৰি পৰিশ্ৰম কৰি প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে শিল্পী সঞ্জীৱ বসাক। শিল্পী সঞ্জীৱৰ আশা, কোভিড প্ৰটকল মানি ধুবুৰী চহৰৰ দুৰ্গা মণ্ডপতসমূহত ৰাইজে দেৱীৰ চৰণত এপাহি পুস্পাঞ্জলি দিবলৈ আহিব কিন্তু মণ্ডপত সোমাই তেওঁৰ বেজিৰে বনোৱা প্ৰতিমা চাই ভেকচিনৰ কথা এবাৰ হ’লেও মনত পেলাব।

ইতিমধ্যে ধুবুৰী চহৰৰ স্বামী বিবেকানন্দ ক্লাব  দুৰ্গা পূজা কমিটীৰ লগত শিল্পীজনৰ প্ৰাথমিক কথা–বতৰা সমাপ্ত হৈছে। এই অভিনৱ দুৰ্গা প্ৰতিমা এই বছৰ উক্ত ক্লাবৰ প্ৰংগণতে ৰাইজৰ দৰ্শনৰ বাবে ৰখা হ’ব। কোৰণাৰ এই দুৰ্যোগৰ সময়ত শিল্পীজনৰ এই অভিনৱ প্ৰয়াস সঁচাই প্ৰশংসনীয়।
Published by: Sanjay Kumar Das
First published: September 26, 2021, 10:19 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি