মুখ্যপৃষ্ঠা »খবৰ »অসম »‘UPPLত নেতাৰ অভাৱ নেকি? তিনিটাকৈ পদবী খামুচি আছে গোবিন্দ বসুমতাৰীয়ে, এতিয়া খাপ পিটিছে মন্ত্ৰীৰ বাবে’

‘UPPLত নেতাৰ অভাৱ নেকি? তিনিটাকৈ পদবী খামুচি আছে গোবিন্দ বসুমতাৰীয়ে, এতিয়া খাপ পিটিছে মন্ত্ৰীৰ বাবে’

ইউ পি পি এলৰ নেতা গোবিন্দ বসুমতাৰীয়ে একেটা সময়তে ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ MCLA, BTCৰ ডেপুটি চীফ আৰু ওদালগুৰিৰ বিধায়ক হৈ আছে।

  • Share this:
"শাসকীয় মিত্ৰজোঁটৰ দল ইউ পি পি এলৰ নেতা গোবিন্দ বসুমতাৰীকে সকলো লাগে, ক্ষুদ্ৰ আঞ্চলিক দলটোত আৰু নেতা নাই নেকি?" – এই প্ৰশ্ন বিপিএফৰ বিধায়িনী দলৰ নেতা তথা কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োৰ।

উল্লেখযোগ্য যে ইউ পি পি এলৰ নেতা গোবিন্দ বসুমতাৰীয়ে একেটা সময়তে ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ MCLA, BTCৰ ডেপুটি চীফ আৰু ওদালগুৰিৰ বিধায়ক হৈ আছে। সেয়ে বিপিএফৰ নেতা দুৰ্গাদাস বড়োৱে কটাক্ষ কৰি কৈছে যে একেলগে তিনিটা পদবীত থাকি এতিয়া মন্ত্ৰীৰ কাৰণে খাপ পিতি আছে। এজন ব্যক্তিয়ে চাৰিটা পদবী ল’ব নেকি? ইয়াকে লৈ ক্ষোভৰ সৃষ্টি হৈছে UPPL দলতো।

ইফালে আগন্তুক ৮ জুনৰ ককিলাবাৰী পৰিষদীয় সমষ্টিত বিপিএফৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি দাবী কৰিছে বিধায়ক দুৰ্গাদাস বড়োৱে। দুৰ্গাদাস বড়োৱে লগতে কয় যে গোবিন্দ বসুমতাৰী য়ে ৰাখি থোৱা ভৈৰৱকুণ্ডত পৰিষদীয় সমষ্টিত উপ নিৰ্বাচন হ’লে তাতো বিপিএফ জয় হ’লহেঁতেন।

শেহতীয়া বাতৰি